Local, Vocal, Global

গৌৰীপুৰত কংগ্ৰেছৰ লোকতন্ত্ৰ বচাও সত্যাগ্ৰহ অনুষ্ঠান

ডিজিটেল ডেস্ক:- গৌৰীপুৰত কংগ্ৰেছৰ লোকতন্ত্ৰ বাচাওঁ সত্যাগ্ৰহ অনুষ্ঠান। অনুষ্ঠানত উপস্থিত সৰ্বভাৰতীয় নিখিল কংগ্ৰেছৰ সম্পাদক শ্ৰীপৃথিৱীৰাজ সাথে। আজি ধুবুৰী জিলাৰ ২৪নং গৌৰীপুৰ বিধানসভা সমষ্টিৰ গৌৰীপুৰ পাব্লিক লাইব্ৰেৰীত ভাৰতীয় কংগ্ৰেছ দলৰ ধুবুৰী জিলা কংগ্ৰেছৰ সভাপতি আবেদুৰ ৰহমান (জুৱেলাৰ)ৰ সভাপত্বিত লোকতন্ত্ৰ বাচাওঁ সত্যগ্ৰহ নামেৰে এখন সভা অনুষ্ঠিত কৰা হয়। সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সৰ্বভাৰতীয় নিখিল কংগ্ৰেছ দলৰ সম্পাদক শ্ৰীপৃথিৱীৰাজ সাথে। লগতে উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী তথা দক্ষিন শালমাৰা বিধানসভা সমষ্টিৰ বিধায়ক ওৱাজেদ আলী চৌধুৰী, প্ৰাক্তন মন্ত্ৰী নজিবুল ওমৰ, গোলকগঞ্জৰ বিধায়ক আব্দুছ চৌহান আলী সৰকাৰ, ধুবুৰী জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী বেবী বেগম আৰু ৰূপসী, দেৱীতোলা ব্লক কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মীসকল ৷