কৌন বনেগা ক্ৰৌড়পতিত কোটিপতি হ’ল মহিলা IPS বিষয়া

‘কৌন বনেগা ক্ৰৌড়পতি ছিজন ১২’ত দ্বিতীয়গৰাকী কোটিপতি হ’লগৈ এগৰাকী মহিলা IPS বিষয়া৷ বুধবাৰৰ খণ্ডত দিল্লীৰ নাজিয়া নাছিমে এক কোটি টকাৰ পুৰস্কাৰ লাভ কৰাৰ পিছতে মোহিতা শৰ্মা নামৰ আইপিএছ বিষয়াগৰাকীৰো কোটি টকাৰ পুৰস্কাৰ লাভ। মোহিতা শৰ্মাৰ কোটি টকা জয়ৰ এই খণ্ডটো ১৭ নৱেম্বৰত সম্প্ৰচাৰ হ’ব। ছনী টিভিৰ জনপ্ৰিয় কুইজ শ্ব’ৰ এটা প্ৰমোত দেখা গৈছে শ্ব’টোৰ পৰিচালক অমিতাভ বচ্চনে মোহিত শৰ্মাক এক কোটি টকাৰ প্ৰশ্ন সুধিছে। শুদ্ধ উত্তৰ দিয়াৰ লগে লগে ষ্টুডিঅ’ত আনন্দত আত্মহাৰা মোহিতা শৰ্মা। পিছমুহূৰ্ততে আইপিএছ বিষয়াৰূপে মোহিতাৰ চমু পৰিচয়ৰ ভিডিঅ’। তাৰ পিছত শ্ব’টোৰ ১৬ নম্বৰ তথা ৭ কোটি টকাৰ পুৰস্কাৰৰ জেকপট প্ৰশ্নটো সুধিছে অমিতাভ বচ্চনে। লগতে কৈছে যে এই প্ৰশ্নটোৰ উত্তৰ বহু কম মানুহেহে জানে। মোহিতা শৰ্মাই ৭ কোটি টকাৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ দিলে নে নাই সেয়া ১৭ নবেম্বৰৰ ৯ বজাত সম্প্ৰচাৰ হ’বলগীয়া খণ্ডটোত জানিব পৰা যাব।
View this post on Instagram