Local, Vocal, Global

কলিয়াবৰৰ গোমোঠাগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা

কলিয়াবৰৰ গোমোঠাগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। ৰখাই থোৱা মালবাহী ট্ৰাকত প্ৰচণ্ড খুন্দা মাৰে যাত্ৰী কঢ়িয়াই এখন টেম্পোৱে। গোমোঠাগাঁৱত ৰখাই থোৱা AS-02-E-5935 নম্বৰৰ ট্ৰাকখনত নলতলীৰ পৰা যাত্ৰী কঢ়িয়াই অনা AS-02-AC-4295 নম্বৰৰ টেম্পোখনে পিছফালে খুন্দা মাৰে। দুৰ্ঘটনাতো গুৰুত্বৰভাৱে আহত হয় টেম্পো আৰোহী তিনিজন যাত্ৰী। আহত যাত্ৰী কেইজনক ততাতৈয়াকে জখলাবন্ধা চিকিৎসালয়লৈ ভৰ্তি কৰে যদিও পিছত উন্নত চিকিৎসাৰ বাবে নগাঁওলৈ প্ৰেৰণ কৰে। । আহত কেইজন কুঁৱৰীটোলৰ নবীৰ হুছেইন,নলতলীৰ নৰেন দাস। আনহাতে এজন যাত্ৰী চিনাক্ত হোৱা নাই।