Local, Vocal, Global

গোৱালপাৰাত অব্যাহত বান বিভীষিকা

গোৱালপাৰা জিলাত বান পৰিস্থিতিৰ যথেষ্ট উন্নতি ঘটিছে যদিও এতিয়াও জিলাখনৰ ৭৭ খন ৰাজহ গাঁও বানপানীৰ কৱলত। লক্ষীপুৰ ৰাজহ চক্ৰ এলেকাৰ ৩৩ খন গাঁওত বানপানীৰ বিভীষিকা আজিও অব্যাহত। খৰমুজা বেলডুবি সংযোগী মথাউৰিৰ চিলাৰভিটাত প্ৰায় ২ কিলোমিটাৰ অংশ ব্ৰহ্মপুত্ৰ নদীত বিলীন হোৱাত ৩৩ খনকৈ গাঁও বানপানীৰ কৱলত থাকিব লগা হৈছে। একেদৰে বালিজানা ৰাজহ চক্ৰৰ ২৩ খন আৰু মাটিয়া ৰাজহ চক্ৰৰ ২১ খন গাঁও প্লাবিত হৈ থকাত জিলাখনৰ ৮৬ হাজাৰ লোক বৰ্তমানেও ক্ষতিগ্ৰস্ত হৈ আছে।