Local, Vocal, Global

বিষ দি কুইণ্টলে কুইণ্টলে মৎস্য নিধন

নিউজ ডেস্ক: দলগাঁৱৰ ১নং শ্যামপুৰত গাঁৱত জীৱশ্ৰেষ্ঠ মানুহৰ নিকৃষ্ট কাণ্ড। দুৰ্বৃত্তই নিশাৰ অন্ধকাৰত পুখুৰীত বিষ ঢালি নিধন কৰিলে লাখ লাখ টকাৰ মাছ।

মঙ্গলবাৰে নিশাৰ অন্ধকাৰত দুৰ্বৃত্তই সংঘটিত কৰে এই কাণ্ড। ১নং শ্যামপুৰত গাঁৱৰ কাসেম আলী, ছহিদ আলী নামৰ এজন লোকৰ পুখুৰীত দুৰ্বৃত্তই সংঘটিত কৰিছে এই জঘন্য কাণ্ড। যাৰ ফলত পুৱাৰে পৰা এনেদৰে পুখুৰীটোত ওপঙি উঠিছে বিভিন্ন প্ৰজাতিৰ কুইন্টলে কুইন্টলে লাখ লাখ টকাৰ মৰা মাছ।

আত্মনিৰ্ভৰশীল হোৱাৰ স্বাৰ্থত কাসেম আলীয়ে দেখিছিল মীন পালনৰ সপোন। ৪ বিঘা মাটিৰ পুখুৰীত ঋণ লৈ মাছ পালন কৰিছিল কাসেম আলী আৰু ছহিদ আলীয়ে।

এই ঘটনাৰ পাছতে এতিয়া পুখুৰীৰ পাৰত হিয়া ধাকুৰি কান্দিছে মৎসপালক ছহিদ আৰু কাসেম আলীয়ে। ইতিমধ্যে শ্যামপুৰ আৰক্ষীত এজাহাৰ দাখিল কৰিছে ছহিদ আলীৰ পৰিয়ালে। লগতে দুৰ্বৃত্তক গ্ৰেপ্তাৰৰ দাবী জনাইছে স্থানীয় ৰাইজে।