Local, Vocal, Global

ৰাজনীতিৰ মহীৰুহৰ বিদায়, ৫৫ বছৰ বিধায়ক-সাংসদ-মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ

নিউজ ডেস্ক: যোৱা ১০ অক্টোবৰত উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ ৰাজনীতিক মুলায়েম সিং যাদৱৰ মৃত্যুৰ লগে লগে সমাপ্ত হ’ল ভাৰতীয় সংসদীয় ৰাজনীতিৰ এক বৰ্ণিল আৰু সুদীৰ্ঘ অধ্যায়৷ উত্তৰ প্ৰদেশৰ লগতে সমগ্ৰ উত্তৰ ভাৰততে বিশেষ জনপ্ৰিয় আৰু চৰ্চিত নেতা আছিল মুলায়েম সিং যাদৱ৷

১৯৩৯ চনৰ ২২ নৱেম্বৰত জন্ম হোৱা এইগৰাকী নেতা একেৰাহে দীৰ্ঘ সময় ধৰি বিধায়ক অথবা সাংসদ পধত অধিষ্ঠিত হৈ আছে৷ সংসদীয় ৰাজনীতিত তেওঁৰ এই বিশেষ সফলতা হয়তো বহু নেতাৰ বাবে ঈৰ্ষাৰ কাৰণ৷ ১৯৬৭ চনত তেওঁ পোন প্ৰথমবাৰৰ বাবে উত্তৰ প্ৰদেশৰ যশৱান্ত নগৰ বিধানসভা সমষ্টিৰ পৰা উত্তৰ প্ৰদেশ বিধানসভালৈ নিৰ্বাচিত হৈছিল৷ প্ৰথমবাৰ তেওঁ চন্মুক্ত সমাজবাদী পাৰ্টীৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল বিধানসভালৈ৷ দ্বিতীয়বাৰ ভাৰতীয় ক্ৰান্তি দলৰ প্ৰাৰ্থী হিচাপে ১৯৭৪ চনত বিধায়ক নিৰ্বাচিত হয়৷ ১৯৭৭ চনত ভাৰতীয় লোক দলৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হয় উত্তৰ প্ৰদেশ বিধানসভালৈ৷ ১৯৮২ চনত লোকদলৰ প্ৰাৰ্থী হিচাপে উত্তৰ প্ৰদেশ বিধান পৰিষদৰ সদস্য হয়৷

১৯৮৫ চনত মুলায়ম সিং যাদৱ লোক দলৰ প্ৰাৰ্থী হিচাপে যশোৱন্ত বিধানসভা সমষ্টিৰ পৰা পুনৰ নিৰ্বাচিত হয় উত্তৰ প্ৰদেশ বিধানসভালৈ৷ ১৯৮৯ৰ পৰা ১৯৯১ চনলৈ তেওঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল৷ জনতা দলৰ নেতা হিচাপে তেওঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয়৷ ১৯৯১ চনত তেওণ ষষ্ঠ বাৰৰ বাবে উত্তৰ প্ৰদেশ বিধানসভালৈ নিৰ্বাচিত হয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে৷ ১৯৯৩ চনত তেওঁ গঠন কৰে সমাজবাদী পাৰ্টী৷ ১৯৯৩ চনত তেওঁ সপ্তমবাৰৰ বাবে নিৰ্বাচিত হয় বিধানসভালৈ৷ আৰু ১৯৯৩ চনৰ পৰা ১৯৯৫ চন পৰ্যন্ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী পদত থাকে মুলায়েম সিং যাদৱ৷ ১৯৯৬ চনত সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থী হিচাপে পুনৰ নিৰ্বাচিত হয় উত্তৰ প্ৰদেশ বিধানসভালৈ৷ ১৯৯৬ চনত তেওঁ উত্তৰ প্ৰদেশৰ মৈনপুৰীৰৰ পৰা তেওঁ প্ৰথবাৰৰ বাবে নিৰ্বাচিত হয় সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থী হিচাপে৷ আৰু কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীৰ দায়িত্ব লাভ কৰে৷

১৯৯৮ৰ পৰা ১৯৯৯ লৈ তেওঁ দ্বিতীয়বাৰৰ লোকসবালৈ নিৰ্বাচিত হয় চম্বল লোকসভা সমষ্টিৰ পৰা৷ ১৯৯৯ৰ পৰা ২০২৪ লৈ তৃতীয়বাৰৰ বাবে সাংসদ হয় চম্বল লোকসভা সমষ্টিৰ পৰা৷ ২০০৩ ৰ পৰা ২০০৭লৈ নৱম বাৰৰ বাবে নিৰ্বাচিত হয় বিধায়ক হিচাপে৷ একে সময়তে তেওঁ তৃতীয়বাৰৰ বাবে তেওঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয়৷ ২০০৪ চনত পুনৰ নিৰ্বাচিত হয় লোকসভালৈ৷ ২০০৭ৰ পৰা ২০০৯লৈ দশমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হয় উত্তৰ প্ৰদেশ বিধানসভালৈ৷ ২০০৯ৰ পৰা ২০১৪লৈ পঞ্চমবাৰৰ বাবে নিৰ্বাচিত হয় সাংসদ হিচাপে৷ ২০১৪ৰ পৰা ২০১৯লৈ ষষ্ঠ বাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হয় আজমগড় আৰু মৈনপুৰী লোকসভা সমষ্টিৰ পৰা৷ ২০১৯ৰ পৰা মৃত্যুৰ সময়লৈকে তেওঁ মৈনপুৰী লোকসভা সমষ্টিৰ সাংসদ আছিল৷

অৰ্থাৎ ১৯৬৭ চনৰ পৰা ২০২২ চনলৈ একেৰাহে ৫৫ বছৰ সময় বিধায়ক, সাংসদ অথবা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ ৮২ বছৰ বয়সত মৃত্যুবৰণ কৰা এইগৰাকী সুদক্ষ ৰাজনীতিকে একেৰাহে ৫৫ বছৰ ধৰি মন্ত্ৰী-বিধায়ক অথবা সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰি ভাৰতৰ সংসদীয় গণতন্ত্ৰত এক অভিলেষ ৰচি থৈ গ’ল৷ আৰু হয়তো সেই বাবেই তেওঁ অন্তোষ্টিক্ৰিয়াত আজি জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সমবেত হৈছে লক্ষাধিক জনতা৷ উত্তৰ প্ৰদেশৰ ৰাজনীতিত নেতাজী হিচাপে পৰিচিত মুলায়েম সিং যাদৱক অন্তি শ্ৰদ্ধা জনাবলৈ যেন উদ্বাউল হৈ পৰিছে তেওঁৰ সহস্ৰ গুণমুগ্ধ আৰু অনুগামী৷ তেওঁ একেৰাহে দীৰ্ঘ সময় ধৰি নিৰ্বাচিত জনপ্ৰতিনিধি হিচাপে নিৰন্তৰে সেৱা আগবঢ়াইছিল জনতাৰ৷