Local, Vocal, Global

সমাজ কল্যাণত চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ, জিনা বেগমক গ্ৰেপ্তাৰ

নিউজ ডেস্ক: সমাজ কল্যাণত চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰা মহিলা মহানগৰ আৰক্ষীৰ জালত পৰিছে৷ গুৱাহাটী মহানগৰ আৰক্ষীয়ে ছয়মাইলৰ পৰা সমাজ কল্যাণ বিভাগৰ চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰা মহিলাক গ্ৰেপ্তাৰ কৰিছে৷

হাতীগাঁও আৰক্ষী থানাত ৰুজু গোচৰৰ ভিত্তিত জিনা বেগম নামৰ মহিলাক নগদ ১ লাখ ৯৭ হাজাৰ টকাসহ গ্ৰেপ্তাৰ কৰিছে হাতীগাঁও আৰক্ষীয়ে৷ জিনা বেগমৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ১২ খন ভুৱা নিযুক্তি পত্ৰ।

চাকৰিৰ আশাত নিবনুৱাসকলে জিনা বেগমক দিছিল ৪ৰ পৰা ৫ লাখ কৈ টকা। ভুক্তভোগী ৰফিকুল, আৰিফুলৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয়৷

তিনিজনে চাকৰিৰ বাবে ১৯ লাখ টকা দিছিল জিনা বেগমক৷ ২০২০ চনত সংঘটিত সমাজ কল্যাণ বিভাগৰ বিয়াগোম কেলেংকাৰী পোহৰলৈ আহিব বুলি চৰ্চা হৈছে।