সহপাঠীক অপহৰণ কৰি গ্ৰেপ্তাৰ হ’ল ছাত্ৰ । কাৰণ জানি আচৰিত হ’ব আপুনি?
একেখন বিদ্যালয়ৰ একেটা শ্ৰেণীকোঠাটেই আৰম্ভ হৈছিল শত্ৰুতা । ফলস্বৰূপে একাদশ শ্ৰেণীৰ ছাত্ৰ এজনে অইন তিনিজনৰ সহায় লৈ সহপাঠী এজনক অপহৰণ কৰে । হয়, উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত সংঘটিত হোৱা এই অপহৰণ কাণ্ডই বিদ্যালয়খনৰ লগতে সমগ্ৰ অঞ্চলটিক হতভম্ব কৰি তুলিছে । ইতিমধ্যে আৰক্ষীয়ে অপহৃত ছাত্ৰজনক উদ্ধাৰ আৰু অপহৰণকাৰী ছাত্ৰজনক আটক কৰিবলৈ সক্ষম হয় । ছাত্ৰজনক সংগ দিয়া আন তিনিজনে আৰক্ষীক দেখা মাত্ৰেই পলাই পত্ৰং দিয়ে । আকৰ্ষণীয় যে অপহৰণ কাণ্ডৰ মূল কাৰণ জানি বিদ্যালয় তথা অঞ্চলবাসী হাঁহিব কি কান্দিব ভাবি পাৰ নোপোৱাৰ লেখীয়া হৈছে । এজনী ছোৱালীৰ কাৰণেই এনে কাৰ্যসিদ্ধি কৰা বুলি স্বীকাৰ কৰিছে একাদশ শ্ৰেণীৰ ছাত্ৰজনে ।