বহিঃ ৰাজ্যত অপহৰণৰ বলি হৈছে অসমৰ এজন লোক
মায়ঙৰ এজন লোক বহিঃ ৰাজ্যত অপহৰণ
কৰ্ম সূত্ৰে কেৰেলালৈ গৈছিল লোক জন
ক’ভিডসৃষ্ট পৰিবেশৰ বাবে আৰ্থিক ভাবে দুৰ্বল হৈ পৰিছে একাংশ লোক ৷ বহুলোক ইতিমধ্যে ৰাজ্যৰ বাহিৰলৈ গৈছে কৰ্মসূত্ৰে ৷ তাৰ ভিতৰত কিছুলোক সমস্যাত পৰিছে ৷
এইবাৰ বহিঃ ৰাজ্যত অপহৰণৰ বলি হৈছে অসমৰ এজন লোক ৷ কেৰেলাৰ টিচুৰ ৰেলষ্টেচনৰ পৰা অপহৰণ কৰে মৰিগাঁও জিলাৰ মায়ঙৰ কুসুমপুৰ গাৱঁৰ ৪৫ বছৰীয়া জীৱন দাস নামৰ এজন ব্যক্তিক । প্ৰথমে শাৰীৰিক ভাবে মাৰধৰ আৰু তাৰ পাছত অৰ্ধ উলংগ কৰি এটা অচিনাকি নম্বৰেৰে ফটো প্ৰেৰণ কৰে ব্যক্তিজনৰ পৰিয়ালবৰ্গলৈ ৷ এই ঘটনাৰ পিছৰে পৰা লোকজনৰ পৰিয়ালৰ মাজত কেৱল কান্দোনৰ ৰোল ৷
মানসিক ভাবে ভাঙি পৰিছে লোকজনৰ পত্নী ৷
উল্লেখ্যযে যোৱা ৬ আগষ্ট তাৰিখে কৰ্মসুত্ৰে কেৰেলালৈ গৈছিল মায়ঙৰ এই লোকজন ।গৈ থকা অৱস্থাত পৰিয়ালক প্ৰায় দুই তিনিবাৰ ফোনো কৰিছিল লোকজনে। কিন্ত হঠাৎ টিচুৰ ৰেলষ্টেচনৰ পৰা ব্যক্তিজনৰ মোবাইল বন্ধ হৈ পৰে আৰু তাৰ এদিন পাছত কেৰেলাত থকা বন্ধু এজন লৈ এটা অচিনাকি নম্বৰৰ ফোন আহে । ফোনত উল্টা পুল্টা কথা কৈ থাকে ।এবাৰ যদি কয় পুলিচৰ ওচৰত দিছো আকৌ কয় আন কিবাএটা।
ইপিনে লোকজনৰ উপযুক্ত সন্ধান নোপোৱাত লোকজনৰ উদ্ধাৰৰ বাবে অসম চৰকাৰ আৰু মন্ত্রী পিযুষ হাজৰিকা লৈ কাতৰ আহব্বান জনায় ভুক্তভোগী পৰিয়ালৰ লোকৰ উপৰিও স্হানীয় ৰাইজে ।