Local, Vocal, Global

খেৰণিত ৫ সতীৰ্থই হত্যা কৰিলে সতীৰ্থক

খেৰণিত সংঘটিত হৈছে হত্যাকাণ্ডৰ ঘটনা , নিশা হাতী পহৰা দিবলৈ যোৱা ৫ সতীৰ্থই হত্যা কৰিলে এজন সতীৰ্থক ৷ ‌খেৰণিৰ বৰ মাটিখলা গাঁৱত মৃতদেহ উদ্ধাৰ, মৃতদেহটো জিতেন্দ্ৰ ৰাম(২০) বুলি চিনাক্ত। নিশা হাতী পহৰা দিবলৈ যোৱা পাছজন সতীৰ্থয়ে হত্যা কৰিলে জিতেন্দ্ৰ ৰামক, হত্যাকাৰীয়ে জিতেন্দ্ৰ ৰামৰ ডিঙিত ৰচি বান্ধি গছত ওলোমাই থৈ আত্মহত্যাৰ ৰূপ দিয়াৰ অপচেষ্টা। উক্ত ঘটনা কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। উল্লেখ যে হত্যাকাৰীৰ অভিযুক্ত কেইজন হৈছে সোধেশ মাৰাক(২৫) এঞ্জেলেশ মাৰাক(১৭) জিৰিম মাৰাক(১৭)আৰু শ্ৰীৰাম বিশ্বাস(২২)লগতে  চুবুধ ৰাজভৰ(২২)। ইতিমধ্যে আটাইকেইজন অভিযুক্তক আৰক্ষীয়ে আটক কৰিছে।