Local, Vocal, Global

ৰিয়েল লাইফত KGFৰ কাহিনী

নিউজ ডেক্স,৫ জুলাই : Reel লাইফত নহয় এইবাৰ ৰিয়েল লাইফত KGFৰ কাহিনীৰ দৰে ঘটনা ।

KGFৰ কাহিনীত Kolar Gold Fieldলৈ সাধাৰণ মানুহক ধৰি নি তাত বন্দী কৰি থোৱাৰ দৰে ঘটনা সংঘটিত হৈছে অসমৰ এজন ব্যক্তিৰ সৈতে।

হাৰিয়ানাত কাম দিয়াৰ চলেৰে এজন অচিনাকী লোকে গুৱাহাটীৰ পৰা লৈ গৈছিল আনন্দ বৰাইক ওৰফে বাহাদুৰক। কিন্তু তালৈ নি বিগত আঢ়ৈ বছৰ ধৰি অসমলৈ ঘূৰি আহিবলৈ দিয়া নাছিল বাহাদুৰক।

পৰৱৰ্তী সময়ত মহানগৰ আৰক্ষীয়ে ম’বাইল যোগে বাহাদুৰৰ এই তথ্য লাভ কৰাৰ পাছত হাৰিয়ানা আৰক্ষীৰ সহায়ত মহানগৰ আৰক্ষীয়ে লোকজন থকা স্থান চিনাক্ত কৰি Haryanaৰ Mewatতৰ পৰা উদ্ধাৰ কৰে আৱদ্ধ হৈ থকা লোকজনক।

উল্লেখযোগ্য যে, আঢ়ৈ বছৰ ধৰি বহিঃৰাজ্যত দৰমহা নিদিয়াকৈ আৱদ্ধ কৰি ৰাখিছিল অসমৰ শ্ৰমিকজনক।

পৰৱৰ্তী সময়ত আৰক্ষীয়ে হাৰিয়ানাৰ পৰা আনি চমজাই দিয়ে লোকজনক।দীৰ্ঘদিনৰ মুৰত পৰিয়ালৰ সৈতে লগ কৰাই দিয়াৰ বাবে পৰিয়ালৰ লোকে ধন্যবাদ দিয়ে মহানগৰ আৰক্ষীক।