Local, Vocal, Global

পৱিত্ৰ মাৰ্ঘেৰিটা মুখ্যমন্ত্ৰীৰ নতুন ৰাজনৈতিক সচিব

নিউজ ডেস্ক, ৫ জুলাই : মুখ্যমন্ত্ৰীৰ নতুন ৰাজনৈতিক সচিবৰ নাম ঘোষণা। পৱিত্ৰ মাৰ্ঘেৰিটা হ’ব মুখ্যমন্ত্ৰীৰ নতুন ৰাজনৈতিক সচিব

কিছুদিন পূৰ্বে হোৱা হিমন্তৰ মন্ত্ৰীসভাৰ সালসলনিত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাক মন্ত্ৰীত্ব দিয়াৰ পিছত আজি মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাবে ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাক নিযুক্তি দিয়া হৈছে ।

পৱিত্ৰ মাৰ্ঘেৰিটাই ২০১৪ চনত ৰাজনীতিত যোগদান কৰে আৰু তেতিয়াৰে পৰা তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ এজন সক্ৰিয় সদস্য । তেওঁ ২০১৪ চনৰ পৰা অসম বিজেপিৰ মুখপাত্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

তেওঁ ছ’চিয়েল মিডিয়া কোষ, অসম বিজেপিৰ প্ৰভাৰী আৰু কামৰূপ (উত্তৰ) জিলা বিজেপিৰ জিলা প্ৰভাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ২০১৭ চনৰ পৰা ২০২১ চনলৈ অসম চৰকাৰৰ জ্যোতি চিত্ৰবনৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।,

মাৰ্ঘেৰিটাই ২০২১ চনৰ নৱেম্বৰৰ পৰা ২০২২ চনৰ মাৰ্চ লৈকে অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ ৰ বাবে ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতিৰ সদস্য সচিব হিচাপে সেৱা আগবঢ়ায়।