Local, Vocal, Global

কেৰালাত ভয়ংকৰ পৰিস্থিতি, বৃষ্টিপাত-ভূমিস্খলনত ৯জনৰ মৃত্যু

কেৰালাত হোৱা ধাৰাসাৰ বৃষ্টিপাতৰ পাছত পৰিস্থিতি বহু বেয়াৰ দিশে আগবাঢ়িছে।

নেৰানেপেৰাকৈ হোৱা বৰষুণৰ ফলত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ভূমিস্খলনৰ সৃষ্টি হৈছে। ইডুক্কী আৰু কৌট্টায়ম জিলাত বৃষ্টিপাত আৰু ভূমিস্খলনৰ ফলত বৰ্তমানলৈ ৯জনকৈ লোকে প্ৰাণ হেৰুৱাইছে।

বতৰ বিজ্ঞান বিভাগে দেওবাৰৰ দিনটোত ৰাজ্যখনত ধাৰাসাৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে। ইফালে, ত্ৰাৱণকোৰ দেৱাসম ব’ৰ্ডে আয়প্পা ভগৱানৰ সবৰীমালা মন্দিৰত ১৭ আৰু ১৮ অক্টোবৰত যাবলৈ ভক্তসকলক মানা কৰিছে। কিয়নো পঠানমথিট্টা জিলাত নেৰানেপেৰা বৃষ্টিপাত হোৱাৰ লগতে নদীসমূহৰ জলস্তৰ অতি দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে।