Local, Vocal, Global

নিমখ কম খালেও হ’ব পাৰে বিপদ

★লোণ কম পৰিমাণে খালে বৃদ্ধি হ’ব পাৰে ইনচুলিন। নিতৌ নির্দিষ্ট পৰিমাণতকৈ কমকৈ লোণ খালে স্বাস্থ্যৰ উপকাৰী উপাদানৰ মাজত ভাৰসাম্য ৰক্ষা নহয়। এনে ভাৰসাম্যহীন অৱস্থাৰ বাবে ইনচুলিনৰ পৰিমাণ বৃদ্ধি পায়।

★লোণত থকা ছ’ডিয়াম শৰীৰৰ প্ৰয়োজনীয় উপাদান। এইবিধ উপাদানে ৰক্তচাপ নিয়ন্ত্রণত সহায় কৰে। সেইবাবে সকলোৰে নির্দিষ্ট পৰিমাণৰ লোণ খোৱাৰ ওপৰত গুৰুত্ব দিব লাগে।

★ ডায়েবেটিছত আক্রান্তসকল নিয়মমতে নির্দিষ্ট পৰিমাণৰ লােণ খাবই লাগে। কাৰণ যদি প্রয়ােজন মতে লোণ নাখায় তেতিয়া হ’লে হার্টএটেক আৰু ষ্ট্রোকত আক্রান্ত হােৱাৰ আশংকা বৃদ্ধি পায়। টাইপ- ১, টাইপ-২ দুয়োবিধ ডায়েবেটিছত আক্রান্তৰ ক্ষেত্ৰতেই সমানেই প্ৰভাৱ পৰে। এই ৰোগত আক্রান্ত লােকসকলে আন আন বিষয়ৰ লগতে নির্দিষ্ট পৰিমাণে লোণ খোৱাৰ ওপৰত গুৰুত্ব প্রদান কৰা উচিত।

★নির্দিষ্ট পৰিমাণতকৈ কম নিমখ খালে শৰীৰত এলার্জী বা শক্তিৰ পৰিমাণ হাস পায়। সেইবাবে শক্তিক এলার্জীৰ সমস্যাৰ পৰা হাত সাৰিবলৈ সদায় নির্দিষ্ট পৰিমাণৰ লোণ খোৱা উচিত।

★আজিকালি বহুতো লোকে লোণ কমকৈ খোৱাৰ প্রৱণতাই গঢ় কৰি উঠিছে। এনে মানসিকতা পৰিহাৰ কৰি শাৰীৰিক ভাৰসাম্য ৰক্ষাৰ বাবে নির্দিষ্ট পৰিমাণৰ লোণ খোৱাৰ অভ্যাস গঢ়ি তোলক।