BJP য়ে ভাৰতীয় গণতন্ত্ৰক বিক্ৰী কৰিছে বুলি পিলাৰয়ী বিজয়ানৰ অভিযোগ

ভাৰতৰ দুয়োটা ৰাষ্ট্ৰীয় ৰাজনৈতিক পাৰ্টী বিজেপি আৰু কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনাৰে মুখৰিত কেৰেলাৰ মুখ্যমন্ত্ৰী পিলাৰয়ী বিজয়ানে। মঙলবাৰে কেৰেলাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় ৰাজনৈতিক পাৰ্টী দুয়োটাক ক্ষুৰধাৰ সমালোচনা কৰি ক’লে যে, এক শক্তিশালী ৰাজনৈতিক দল হিচাপে জনতায়ে কংগ্ৰেছক নিৰ্বাচন কৰে কিন্তু আটাইতকৈ পুৰণি দলটোৱে নিজকে বিজেপি লৈ বিক্ৰী কৰিছে। তেওঁ লগতে বিজেপি দলক উপহাস কৰি কয় যে গেৰুৱা দলটেৱে ভাৰতীয় গনতন্ত্ৰক বিক্ৰী কৰিছে।