Sanjay Singh’s arrest : প্ৰধানমন্ত্ৰী মোডীক আক্ৰমণ অৰবিন্দ কেজৰিৱালৰ
নেশ্যনেল ডেস্ক, ৫অক্টোবৰ : ইফালে আম আদমী পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সদস্য সঞ্জয় সিঙৰ চৰকাৰী বাসগৃহত বলবৎকাৰী সঞ্চালকালয়ৰ (ED) অভিযানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে আপে(Sanjay Singh’s arrest) ।
বুধবাৰে আম আদমী পাৰ্টীৰ প্ৰতিবাদ । আম আদমী পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সদস্য সঞ্জয় সিঙৰ চৰকাৰী বাসগৃহত EDৰ অভিযানৰ বিৰুদ্ধে আপৰ প্ৰতিবাদ(AAPs Sanjay Singh held in liquor policy case) ।
উল্লেখ্য যে, আম আদমী পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰিছে ED য়ে ৷ দিল্লী সুৰা নীতিৰ (Delhi liquor policy) তদন্তৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক(AAP to protest outside BJP HQ) ৷
বুধবাৰে আম আদমী পাৰ্টীৰ জ্যেষ্ঠ নেতাক গ্ৰেপ্তাৰ তথা EDৰ অভিযানৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আম আদমী পাৰ্টীয়ে ।
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই ঘটনা সন্দৰ্ভত কেতবোৰ মন্তব্য কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে মোডীক তীব্ৰ আক্ৰমণ কৰে ।
দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় এই কাৰ্যৰ লগত কেন্দ্ৰৰ মোদী চৰকাৰ জড়িত আছে বুলি উল্লেখ কৰে(Sanjay Singhs arrest fallout of BJP s frustration with INDIA alliance says Delhi CM Kejriwal) ৷
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি হাৰিব । এনে পৰিস্থিতিতেই তথাকথিত সুৰা কেলেংকাৰী সন্দৰ্ভত ED য়ে অভিযান চলাইছে(Kejriwal attacks Modi) ।
সঞ্জয় সিঙৰ ঘৰত ED ৰ অভিযান সন্দৰ্ভত মুখ্যমন্ত্ৰী কেজৰিৱালে কয়, ‘‘বিগত এবছৰ ধৰি তথাকথিত সুৰা কেলেংকাৰীক লৈ চৰ্চা চলি আহিছে ৷ কিন্তু তেওঁলোকে এটকাও পোৱা নাই ।এই ঘটনা সন্দৰ্ভত ১০০০ ৰো অধিক বাৰ অভিযান চলাইছে । কিন্তু ক’তো একো সফল হোৱা নাই ৷ বিজেপি নেতাই কেতিয়াবা বিদ্যালয়ৰ শ্ৰেণীকোঠা নিৰ্মাণত কেলেংকাৰী, কেতিয়াবা বাছ ক্ৰয়, বিদ্যুৎ, পানী আদিত কেলেংকাৰী জড়িত হোৱাৰ কথা কয় । এই সন্দৰ্ভতো পৰীক্ষা কৰা হ’ল ৷ কিন্তু একোৱেই নাপালে । একেদৰে সঞ্জয় সিঙৰ ক্ষেত্ৰতো একো পোৱা নাযাব’’ ।
একে সময়তে দিল্লী চৰকাৰৰ মন্ত্ৰী আতিশীয়ে কয়, ‘‘বিগত ১৫ মাহ ধৰি CBI আৰু ED য়ে সুৰা কেলেংকাৰীৰ সন্দৰ্ভত তদন্ত চলাই আছে যদিও এই পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰ আৰু ইয়াৰ সকলো সংস্থাই কোনো দুৰ্নীতি প্ৰমাণ কৰিব পৰা নাই । ইয়াৰ পৰা এইটোৱে প্ৰমান হয় যে বিজেপিয়ে আম আদমী পাৰ্টীলৈ ভয় কৰে’’ ।
একে সময়তে মন্ত্ৰী সৌৰভ ভৰদ্বাজে কয়, ‘‘সুৰা কেলেংকাৰী হ’ল এটা কাল্পনিক কেলেংকাৰী ৷ য’ত যোৱা ১৫ মাহ ধৰি ED আৰু CBI তদন্ত চলাই আহিছে। ED আৰু CBI য়ে ১০০০ ঠাইত এতিয়ালৈকে অভিযান চলাইছে কিন্তু এটকাও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই । নিৰ্বাচনত যে বিজেপি হাৰিব, এয়াই সত্য ।’’
লগতে পঢ়ক : Meghalaya police seize 44900 spurious Phyensedyl syrup bottles : পুনৰ মেঘালয়ত জব্দ বুজন পৰিমাণৰ নকল কফছিৰাপ