Local, Vocal, Global

গুৱাহাটী পৌৰসভা নিৰ্বাচনৰ তৃতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ ‘আপ’ৰ

নিউজ ডেস্ক, ২৯ মাৰ্চঃ সমাগত গুৱাহাটী পৌৰসভা নিৰ্বাচন। মঙলবাৰে গুৱাহাটীৰ পৌৰ নিগমৰ নিৰ্বাচনৰ তৃতীয় প্ৰাৰ্থী তালিকা ঘোষণা আম আদমী পাৰ্টীৰ।

ইতিমধ্যে দলটোৱে প্ৰথম আৰু দ্বিতীয় তালিকাত সৰ্বমুঠ ২৫টা ৱাৰ্ডৰ বাবে প্ৰাৰ্থী নাম ঘোষণা কৰে।

প্ৰথমবাৰলৈ গুৱাহাটী পৌৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব লগা আপে বর্তমানলৈ মুঠ ৩৭টা ৱাৰ্ডৰ বাবে ঘোষণা কৰিছে প্ৰাৰ্থীৰ নাম ।


উল্লেখ্য যে, অহা ১৯ এপ্ৰিলত গুৱাহাটী পৌৰ নিগমৰ মুঠ ৬০টা ৱাৰ্ডৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব । ৩০ মার্চ অৰ্থাৎ বুধবাৰে প্ৰাৰ্থী মনোনয়ণ দাখিলৰ অন্তিম দিন ।