Local, Vocal, Global

কাজিৰঙাত বন্যপ্ৰাণী সুৰক্ষাৰ বাবে ভাৰতীয় জনতা যুৱ মৰ্চাই লগালে হৰ্ডিং

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী সুৰক্ষাৰ বাবে ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশ কমিটীয়ে আজি সজগতা সৃষ্টি কৰে কাজিৰঙাত। ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ ছ’চিয়েল মিডিয়াৰ সহঃ আহ্বায়ক পৰাণজ্যোতি পাচনি, ৰাজ্যিক সমিতিৰ সদস্য প্ৰদুন্য দত্ত, কলিয়াবৰ জিলা যুৱ মৰ্চাৰ সভাপতি কুলদ্বীপ বৰা, সাধাৰণ সম্পাদক দীপক বৰঠাকুৰ, সম্পাদক ধ্ৰুৱ বৰাকে ধৰি যুৱ মৰ্চাৰ সদস্যসকলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন স্থানত হৰ্ডিং লগোৱাৰ লগতে যান-বাহনসমূহৰ চালকসকলক বাহনৰ গতিবেগ নিয়ন্ত্ৰণ কৰিবলৈ অনুৰোধ জনায়। বানপানীৰ বাবে উদ্যানৰ ভিতৰৰ পৰা ওলাই অহা বন্যপ্ৰাণীসমূহে যাতে নিৰাপদে ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম অথবা আশ্ৰয় ল’ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশে এনে কাৰ্যসূচী ৰূপায়ণ কৰিছে। উক্ত কাৰ্যসূচীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰৰ লগতে বনাঞ্চলিক বিষয়াকে ধৰি বন বিভাগৰ লোকসকলো উপস্থিত থাকে।