Local, Vocal, Global

পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰিত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

শীতৰ আগমনৰ লগে লগে পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰিত হৈ পৰিছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ৰাষ্ট্ৰীয় উদ্যানখনৰ গভীৰ জলাশয় সমূহত শীতৰ অনন্য ৰূপ ৷ শতাধিক সৰু-বৰ জলাশয়ৰ ভিতৰত অন্যতম চহলা বিলত ভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীৰ বিচৰণে সৃষ্টি কৰিছে নান্দনিক দৃশ্যৰ ৷শীতৰ সময়ত অগৰাতলি বনাঞ্চলৰ চহলা বিলত জাক জাক পৰিভ্ৰমী পক্ষীৰ বিনন্দিয়া ৰূপত মন্ত্ৰ মুগ্ধ হৈ পৰে দেশী-বিদেশী পৰ্যটক। ভাৰতৰ ভিতৰত সৰ্ববৃহৎ বিল হিচাবে খ্যাত ৬ খন বিলৰ সমষ্টি এই চহলা বিল ৷এই চহলা বিললৈ এতিয়া আগমন হৈছে চীন দেশৰ কিংহাই প্ৰদেশ , চাইবেৰীয়া, লাডাখ, পামিৰ, তিব্বত আদি অঞ্চলৰ পৰা ধৃতৰাজ, চাকৈচকোৱা, পেলিকান, বালিমাহী, বেজী নেজিয়া আদিকে ধৰি ভিন্ন প্ৰজাতিৰ পক্ষী ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গৱেষণা বিষয়া ৰবীন শৰ্মাই প্ৰকাশ কৰা মতে এইবাৰ ৰাষ্ট্ৰীয় উদ্যান খনলৈ পৰিভ্ৰমী পক্ষীৰ আগমন কিছু পলম হৈছে যদিও বহুসংখ্যক পক্ষীক ৰাষ্ট্ৰীয় উদ্যানখনৰ জলাশয় সমূহত বিচৰণ কৰা দেখা পোৱা গৈছে ৷