Karnataka Election 2023: নিৰ্বাচনী প্ৰচাৰৰ মাজতে কৰ্ণাটকত অঘটন: বাহনত উঠিবলৈ লওতেই বাগৰিল প্ৰাক্তন মুখ্যমন্ত্ৰী
নেশ্যনেল ডেস্ক, ২৯ এপ্ৰিল: অহা 10 মে’ত অনুষ্ঠিত হ’ব কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন।ৰাজ্যখনৰ বিধানসভাৰ নিৰ্বাচনক লৈ তৎপৰ হৈছে প্ৰতিটো ৰাজনৈতিক দল । ইতিমধ্যেই ৰাজ্যখনত শাসক বিৰোধীকে ধৰি প্ৰতিটো ৰাজনৈতিক দলে ব্যাপক প্ৰচাৰ চলাইছে । প্ৰতিটো দলৰ বহু হাই প্ৰফাইল নেতাই ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছে ।
ইয়াৰ মাজতে শনিবাৰে ৰাজ্যখনৰ বিজয়নগৰ জিলাত সংঘটিত হয় এক অঘটন। নিজৰ দলৰ প্ৰাৰ্থীগৰাকীৰ প্ৰচাৰৰ বাবে চহৰখনত উপস্থিত হোৱা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই বাহনত উঠি বহিবলৈ লোৱা অৱস্থাতে বাগৰি পৰে। অৱশ্যে কাষত থকা দেহৰক্ষীয়ে তেওঁক ধৰি উঠাই এক নিশ্চিত বিপদৰ পৰা উদ্ধাৰ কৰে।
হেলিকপ্টাৰেৰে আউটাৰ জ’নৰ হেলিপেডত উপস্থিত হোৱা বিৰোধী নেতা সিদ্দাৰমাইয়াই হেলিকপ্টাৰৰ পৰা নামি গাড়ীত বহিবলৈ লোৱাৰ সময়তে বাগৰি পৰে । অৱশ্যে সেই স্থানত থকা দেহৰক্ষীসকলে লগে লগে হাতত ধৰি উঠাই দিয়ে ।
তাৰোপৰি সিদ্দাৰমাইয়াৰ লগত থকা সহায়কে খোৱাপানী যোগান ধৰি তেওঁক স্বাভাৱিক কৰিবলৈ চেষ্টা কৰে। পানী খোৱাৰ পিছত নিজকে স্বাভাৱিক কৰাৰ অন্ততহে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই নিৰ্বাচনী প্ৰচাৰ কৰিব লগা গন্তব্য স্থানলৈ আগবাঢ়িল।
উল্লেখ্য যে, ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনলৈ মাজত আছে মাত্ৰ কেইটামান দিন । নিজৰ বাহিৰেও দলৰ নেতাসকলে দলৰ বিভিন্ন প্ৰাৰ্থীৰ বাবে চলাই গৈছে প্ৰচাৰ । যিমানেই ক্লান্ত নহওক,
একেটা দিনতেই ইখনৰ পাছত সিখন নিৰ্বাচনী সভাত অংশ লৈ নেতাসকল প্ৰচাৰৰ কামত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে।