কৰীণা কাপুৰে আঘাত কৰিছে হিন্দু সম্প্ৰদায়ৰ ধৰ্মীয় অনুভূতিক
কৰীণা কাপুৰ খান শেহতীয়াকৈ টুইটাৰত ট্রেণ্ডিং হৈ পৰিছে । Hashtag BoycottKareenaKhan ট্ৰেণ্ডিং হৈ পৰাত, মোহময়ী অভিনেত্ৰী গৰাকীৰ ওপৰত একপ্ৰকাৰ আক্ৰমণাত্মক হৈ পৰিছে ভাৰতবৰ্ষৰ চলচিত্ৰ অনুৰাগী সকল। কৰীণাই এই বছৰৰ ফেব্ৰুৱাৰীত তেওঁৰ দ্বিতীয় সন্তান জন্ম দিয়াৰ পিছত পুনৰ চলচ্চিত্ৰ জগতলৈ উভতি আহিবলৈ সাজু হৈছিল । কৰীণাই আহিবলগীয়া পৌৰাণিক যুগৰ কাহিনী ‘ৰামায়ণ’ত সীতাৰ চৰিত্ৰত অভিনয় কৰিব। অলৌকিক দেশাইৰ দ্বাৰা পৰিচালিত, এই চলচ্চিত্ৰ খনত ৰামায়ণৰ কাহিনীৰ পুনৰাবৃত্তি কৰা হ’ব। অভিনেত্ৰীগৰাকীয়ে সাধাৰণতে তেওঁৰ চলচ্চিত্ৰৰ বাবে ৬-৮ কোটি টকা দাবী কৰে কিন্তু এইখন চলচিত্ৰৰ বাবে কৰীণাই ১২ কোটি টকা দাবী কৰিছে। প্ৰতিবাদকাৰী সকলৰ মতে, সীতাৰ চৰিত্ৰত অভিনয় কৰিবলৈ ইমান উচ্চ মাচুল আদায় কৰি কৰীণাই হিন্দু সম্প্ৰদায়ৰ ধৰ্মীয় অনুভূতিক আঘাত কৰিছে।