Local, Vocal, Global

কৰিমগঞ্জৰ বিদ্যুৎ বিভাগৰ আজব কাণ্ড

ডিজিটেল ডেস্ক:- কেৱল খুটা লগাই লাইন নিদিয়াকৈ বিল পঠালে গ্ৰাহকৰ ঘৰত । এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৰাতাবাৰী সমষ্টির ৰামকৃষ্ণ নগৰৰ শনবিল এলেকাৰ আনন্দপুৰ জিপিত । বিদ্যুৎ বিভাগৰ এনে কাণ্ডত আচৰিত এলেকাৰ ৰাইজ । অভিযোগ অনুসৰি, যোৱা ডেৰ বছৰ পূৰ্বে দীনদয়াল বিদ্যুৎ আঁচনিৰ নামত গাঁওখনৰ বিপিএল লোকৰ ঘৰত বিদ্যুতৰ খুঁটা খান্দিছিল ।

পিছত খুঁটাত বিদ্যুতৰ তাৰ টানিব পৰা নাছিল। বিদ্যুৎ মিটাৰ অৱশ্যে বিতৰণ কৰা হৈছিল । তাৰ বাবেই যোৱা তিনিমাহ ধৰি স্থানীয় এপিডিচিএল কৰ্তৃপক্ষই তেওঁলোকৰ নামত ভুৱা বিল জাৰি কৰি আহিছে।স্থানীয় ভুক্তভোগীসকল যথেষ্ট ক্ষুব্ধ হৈ পৰিছে। যদিও বিষয়টো বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰা হৈছে কিন্তু কোনো পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই বুলি ভুক্তভোগী ৰাইজে অভিযোগ কৰে ।

আজিও বিদ্যুতৰ অভাৱত আদিম মানুহৰ দৰে তেওঁলোকক জীৱন যাপন কৰিব লগা হৈছে । ফলত সংবাদ মাধ্যমৰ সন্মুখত স্থানীয় ৰাইজে হাতত মশাল লৈ প্ৰতিবাদৰ আয়োজন কৰি সমস্যা সমাধানৰ কামনা কৰে ।