Local, Vocal, Global

ঢেকিয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সামৰণি অনুষ্ঠান

ডিজিটেল ডেস্ক:- সামৰণি পৰিল ঢেকিয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ দ্বাৰা আয়োজিত ছয় দিনীয়া কাৰ্য্যসূচী। সামৰণি অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ মূখ্য উপদেষ্টা ড০ সমূজ্বল কুমাৰ ভট্টাচাৰ্য্য আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পলাশ চাংমাই। লগতে কণ্ঠশিল্পী গীতাঞ্জলি দাসৰ সংগীতানুষ্ঠানে মুগ্ধ কৰিলে প্ৰতিজন দৰ্শকক।

ঢেকিয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সামৰণি অনুষ্ঠানৰ মুকলি সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকে আছুৰ মূখ্য উপদেষ্টা ড০ সমূজ্বল কুমাৰ ভট্টাচাৰ্য্য তথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পলাশ চাংমাই। বিহুক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰাত অংশ লোৱা প্ৰতিজনক আন্তৰিক অভিনন্দন জনালে আছুৰ মূখ্য উপদেষ্টা গৰাকীয়ে।

তাৰোপৰি অসম চুক্তিৰ ছয় নং দফা অনুসৰি কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া উচ্চ স্তৰীয় কমিটীৰ সকলো পৰামৰ্শ কাৰ্যকৰী কৰি অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কবচ দিয়া বিষয়টো ফলাফললৈ ৰূপান্তৰিত কৰিবলৈ প্ৰধান মন্ত্ৰীক আহ্বান জনালে আছুৰ মূখ্য উপদেষ্টা গৰাকীয়ে। লগতে সামৰণি অনুষ্ঠানত আমন্ত্ৰিত কণ্ঠশিল্পী গীতাঞ্জলি দাসৰ সংগীতানুষ্ঠানে মুগ্ধ কৰিলে প্ৰতিজন দৰ্শকক।