কেতিয়া পৃথিৱীলৈ আহিব ছেফ-কৰিণাৰ দ্বিতীয় সন্তান?
বলীউডৰ জনপ্ৰিয় অভিনেতা ছেফ আলী খান আৰু অভিনেত্ৰী কৰিণা কাপুৰ দ্বিতীয়বাৰলৈ পিতৃ-মাতৃ হ’বলৈ ওলোৱা খবৰ সকলোৱে জানে। কিন্তু কেতিয়া পৃথিৱীলৈ আহিব ছেফ-কৰিণাৰ দ্বিতীয় সন্তান? ফিল্ম ফেয়াৰৰ সৈতে হোৱা এক বার্তালাপত ছেফে কয় যে কৰিণাৰ ডেলিভাৰী সময় ফেব্ৰুৱাৰীত। মাজতে কৰিণাৰ ডেলিভাৰী সময় মার্চত বুলি খবৰ ওলাইছিল যদিও ছেফ আলী খানে মার্চৰ পৰিৱর্তে ফেব্ৰুৱাৰীত বুলি জনায়। লগতে ছেফে জনায় যে তেওঁলোকৰ দ্বিতীয় সন্তানটিক আদৰিবলৈ অধিৰ আগ্ৰহেৰে বাট চাই আছে। দ্বিতীয় সন্তানটি পৃথিৱীলৈ অহাৰ পাছতেই ছেফৰ দায়িত্বভাৰ আগতকৈ বৃদ্ধি পাব। গতিকে ইয়াক লৈয়ে ‘মই অলপ চিন্তিত বুলি’ ছেফে মন্তব্য কৰে।