Local, Vocal, Global

কৃষকৰ সমর্থনত অনশনত বহিব আন্না হাজাৰে

কেন্দ্ৰীয় চৰকাৰৰ বিতর্কিত তিনি কৃষি আইন বাতিলৰ দাবীৰে সমগ্ৰ দেশ উত্তাল হৈ থকাৰ সময়তে কৃষকৰ সমর্থনত এইবাৰ ওলাই আহিছে আন্না হাজাৰে।সুদীর্ঘ সময় অনশন কৰা আন্না হাজাৰে দেশৰ জনসাধাৰণৰ বাবে এটা চিনাকি নাম। আন্না হাজাৰেৰ অনশনৰ বাবে সংসদত গৃহীত হৈছিল লোকপাল বিধেয়ক। কৃষকসকলৰ বাবে এইবাৰ পুনৰ অনশনত বহিব বর্ষীয়ান নেতাগৰাকী। অহা ৩০ জানুৱাৰীৰ পৰা অনশনত বহাৰ ঘোষণা কৰিছে আন্না হাজাৰেই। এইটোৱে তেওঁৰ জীৱনৰ অন্তিম অনশন হ’ব বুলি ঘোষণা কৰিছে বর্ষীয়ান নেতাগৰাকীয়ে। তেওঁ সমর্থকসকলক আন্দোলনত যোগ দিয়াৰ বাবেও জনাইছে আহ্বান। আন্না হাজাৰেই স্পষ্টকৈ ঘোষণা কৰিছে যে নতুন কৃষি আইন কোনো গণতান্ত্ৰিক নিয়ম মানি হোৱা নাই। দেশত কোনো আইন প্ৰণয়নৰ বাবে জনসাধাৰণৰ সমর্থন অতিকৈ জৰুৰী। কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ বিষয়ে কোনো সঠিক সিদ্ধান্ত লোৱা নাই বুলিও অভিযোগ হাজাৰেৰ। কৃষকসকলৰ প্ৰতি চৰকাৰ সংবেদনশীল নহয় বুলি মন্তব্য কৰিছে ৮৪ বছৰীয়া আন্না হাজাৰেই।