Local, Vocal, Global

কাৰ্বি আংলং আৰক্ষীয়ে জব্দ কৰে প্ৰায় ৮০ লাখ টকাৰ হেৰোইন

নিউজ ডেস্ক, ১৫ জুলাই : ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । প্ৰতিদিনেই আৰক্ষীৰ অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ ড্ৰাগছ।

কাৰ্বি আংলং আৰক্ষীয়ে বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৮০ লাখ টকাৰ হেৰোইন জব্দ কৰে আৰু ইয়াৰ সন্দৰ্ভত এগৰাকী মহিলাসহ দুজন লোকক গ্ৰেপ্তাৰ কৰে।

বাতৰি অনুসৰি, চাবোনৰ বাকচত লুকুৱাই ৰখা প্ৰায় ১২২.২২ গ্ৰাম নিচাজাতীয় সামগ্ৰীৰ লগতে দুয়োজনৰ পৰা প্ৰায় ৫,০০০ টকা জব্দ কৰে।

উল্লেখ্য যে, নাগালেণ্ডৰ ডিমাপুৰৰ পৰা মটৰচাইকেলত আহি থকা অৱস্থাত ডকমোকাত আৰক্ষীৰ অভিযানকাৰী দলে তেওঁলোকক তালাচী চলাইছিল।

গ্ৰেপ্তাৰ কৰা লোকজন বিহাৰৰ বৈশালী জিলাৰ বাসিন্দা আৰু মহিলাগৰাকী অসমৰ মৰিগাঁও জিলাৰ ভূৰাগাওঁৰ বুলি চিনাক্ত কৰা হৈছে।

জব্দ কৰা হেৰোইনৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰায় ৮০ লাখ টকা।