Local, Vocal, Global

অসম আৰক্ষীৰ বৃহৎ সাফল্য় শিশু সৰবৰাহ চক্ৰৰ পৰা উদ্ধাৰ ৪৮ টা শিশুক

নিউজ ডেক্স,১৫জুলাই : শিশু শ্ৰমিকৰ উদ্ধাৰ আৰু শিশু সৰবৰাহ চক্ৰৰ বিৰুদ্ধে অব্য়াহত আছে আৰক্ষীৰ অভিযান।

বৃহস্পতিবাৰে অসম আৰক্ষীয়ে পশ্চিম বংগৰ এটা আন্তঃৰাজ্যিক শিশু সৰবৰাহ চক্ৰৰ পৰা চাৰিগৰাকী মহিলাসহ ৪৮ টা শিশুক উদ্ধাৰ কৰে।

জানিব পৰা গৈছে যে ,শিশুসকলক অসমৰ পৰা পশ্চিম বংগলৈ শিশু শ্ৰমিকৰ বাবে সৰবৰাহ কৰা হৈছিল ।

বৰ্তমান অসম আৰক্ষীয়ে শিশুসকলক উদ্ধাৰ কৰি পৰৱৰ্তী কাৰ্যক্ৰমৰ বাবে গুৱাহাটীৰ ফটাশিল শিশু কল্যাণ সমিতিত ৰাখে।

উল্লেখ্য় যে, সৰবৰাহ কৰা শিশুৱে শাৰীৰিক, মানসিক, যৌন আৰু আৱেগিক সকলো ধৰণৰ উৎপীড়নৰ সন্মুখীন হয়।

শিশু সৰবৰাহ চক্ৰই সৰবৰাহ কৰা শিশুসকলক পতিতাবৃত্তিত নিযুক্ত কৰে বা বিবাহত বাধ্য কৰায় ।

শ্ৰমিক হিচাবে শিশুসকলক ঘৰৰ সেৱক বা ভিক্ষাৰী হিচাপে কাম কৰিবলৈ বাধ্য কৰা হয় আৰু সশস্ত্ৰ গোটত নিযুক্তি দিয়া হয়।