Local, Vocal, Global

ঘোষণা কৰা হল ২০২২ ৰ দেশৰ শীৰ্ষ শিক্ষা প্ৰতিষ্ঠানৰ তালিকা

নিউজ ডেক্স,১৫জুলাই : কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ঘোষণা কৰিলে ২০২২ ৰ দেশৰ শীৰ্ষৰ শিক্ষা প্ৰতিষ্ঠানৰ তালিকা।

এই তালিকাত স্থান দখল কৰিছে অসমৰ আইআইটি গুৱাহাটী, গুৱাহাটী বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়ে।

বিশ্ববিদ্যালয় শাখাত ৩৬সংখ্যক স্থানত আছে গুৱাহাটী বিশ্ববিদ্যালয়। আনহাতে, ৫৯সংখ্যক স্থানত আছে তেজপুৰ বিশ্ববিদ্যালয়।

আনহাতে, অভিযান্ত্ৰিক শাখাত অষ্টম স্থান দখল কৰিছে আইআইটি গুৱাহাটীয়ে।

২০২২ৰ শীৰ্ষ ১০ত স্থান লাভ কৰা শিক্ষা প্ৰতিষ্ঠানসমূহৰ তালিকা সমূহ হৈছে-

১.আইআইটি মাদ্ৰাছ (IIT Madras)
২. ইণ্ডিয়ান ইনষ্টিটিউট অব ছায়েন্স, বেংগালুৰু (Indian Institute of Science, Bengaluru)
৩. আইআইটি বম্বে (IIT Bombay)
৪. আইআইটি দিল্লী (IIT Delhi)
৫. আইআইটি কানপুৰ (IIT Kanpur)
৬. আইআইটি খড়গপুৰ (IIT Kharagpur)
৭. আইআইটি ৰুৰকি (IIT Roorkee)
৮. আইআইটি গুৱাহাটী (IIT Guwahati)
৯. এইম্ছ, দিল্লী (AIIMS, Delhi)
১০. জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (Jawaharlal Nehru University)