Local, Vocal, Global

Fire breaks out in train in Bengaluru : উদয়ন এক্সপ্ৰেছ ৰে’লত অগ্নিকাণ্ড

নেশ্যনেল ডেস্ক,১৯আগষ্ট : উদয়ন এক্সপ্ৰেছত অঘটন । শনিবাৰে পুৱা বেংগালুৰুৰ ক্ৰান্তিভেৰা সংগোলি ৰায়ন্না (কে এছ আৰ) ৰে’ল ষ্টেচনত উদয়ন এক্সপ্ৰেছ উপস্থিত হয় । আৰু হঠাতে ৰে’লখনত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়(Fire breaks out in train in Bengaluru)। জানিব পৰা মতে, হঠাতে ৰে’লখনৰ ইঞ্জিনৰ পৰা ঘন ধোঁৱা ওলোৱা পৰিলক্ষিত কৰে যাত্ৰীসকলে আৰু এলাৰ্ম বজাই দিয়ে । ধোঁৱা ওলোৱা দেখি হাহাকাৰ লাগে যাত্ৰীসকলৰ মাজত । লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ লোকে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় বুলি জানিবলৈ দিয়ে বিষয়াসকলে(Fire Breaks Out In Udyan Express Train At Krantiveera Sangolli Rayanna Station) ।

উল্লেখ্য যে, শণিবাৰে পুৱা প্ৰায় ৬মান বজাত বেংগালুৰুত উপস্থিত হোৱা উদয়ন এক্সপ্ৰেছ ৰেলখন 3 নং প্লেটফৰ্মত ৰৈ থাকোতেই এই ভয়ংকৰ ঘটনাটো সংঘটিত হয় । জানিব পৰা মতে, পুৱা প্ৰায় ৭:১০ বজাত B1 আৰু B2 ৰ ইঞ্জিন আৰু ডবাত অগ্নিকাণ্ড সংঘটিত হয় । অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ জোৱান উপস্থিত হৈ জুই নিৰ্বাপন কৰে ।

এই অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই । ইফালে ৰে’ল বিভাগৰ বিষয়াসকলে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাস্থলী পৰিদৰ্শন কৰে আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ।

এজন ৰে’লৱেৰ বিষয়াই জনোৱা অনুসৰি, এই অগ্নিকাণ্ডৰ ঘটনাটো কাৰিকৰী সমস্যাৰ বাবে সংঘটিত হোৱাৰ সম্ভাৱনা আছে । এই দুৰ্ঘটনাটো ৰেলখন ষ্টেচন পোৱাৰ প্ৰায় দুই ঘণ্টাৰ পিছতে সংঘটিত হয় । গতিকে ৰে’লখনত যাত্ৰী নাছিল আৰু এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিছিল । ৰে’লখন শুকুৰবাৰে ৰাতিয়ে ইয়াৰ পৰা ওলায় যাব লাগিছিল,” । “শণিবাৰে পুৱা প্ৰায় ৭ মান বজাত ৰে’লখনত জুইৰ সূত্ৰপাত হৈছিল । পুৱা প্ৰায় ৬মান বজাৰ ৰেলখন প্লেটফ’ৰ্মত উপস্থিত হয় আৰু যাত্ৰীসকলে নিৰাপদে ৰে’লৰ পৰা নামি যায় (Udyan Express catches fire hours after passengers deboarded train at Bengaluru station ) ।

লগতে ৰে’লৱেৰ বিষয়াজনে কয় যে, এই অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই । বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত চলায় আছে । সন্দেহ কৰা হৈছে যে জুইৰ সূত্ৰপাত শ্বৰ্ট চাৰ্কিটৰ ফলত হৈছে । আমি ইতিমধ্য়ে এটা গোচৰ পঞ্জীয়ন কৰিছো আৰু ঘটনা সন্দৰ্ভত তদন্ত কৰিছো । ৰে’লখনৰ দুটা ডবা সলনি কৰা হ’ব” বুলি ৰেলৱেৰ বিষয়াই জানিবলৈ দিয়ে ।

লগতে পঢ়ক : Mysterious blast in Kargil: লাডাখৰ কাৰ্গিলত ভয়ংকৰ বিস্ফোৰণ; নিহত ৩জন, আহত ১০জন