Local, Vocal, Global

কংগনা ৰাণাৱটৰ মন্তব্য বলিয়ালি কিম্বা দেশদ্রোহী

বলীউডৰ অভিনেত্রী কংগনা ৰাণাৱটে ১৯৪৭ চনৰ ভাৰতৰ স্বাধীনতা ভিক্ষা আখ্যা দিয়াৰ বিপৰীতে ২০১৪ চনত ভাৰতে প্রকৃত স্বাধীনতা লাভ কৰা বুলি কৰা মন্তব্যক লৈ তীব্র প্রতিক্রিয়া ব্যক্ত কৰিছে বিজেপিৰ সাংসদ বৰুণ গান্ধীয়ে ৷ কৃষক আন্দোলনক সমর্থন জনাই বিজেপিৰ জ্যেষ্ঠ নেতাৰ ৰোষৰ বলি হোৱা সাংসদ বৰুণ গান্ধীয়ে অভিনেত্রী কংগনাৰ মন্তব্যক বলিয়ালি কিম্বা দেশদ্রোহ বুলি প্রতিক্রিয়া ব্যক্ত কৰিছে ৷ টিভি চেনেল এটাৰ কার্যসূচীত ৰাণাৱটে ২০১৪ চনত ভাৰতলৈ স্বাধীনতা আহিছিল বুলি কৰা মন্তব্য শুনাৰ পাছতে সাংসদগৰাকীয়ে টুইটাৰযোগে অভিনেত্রীগৰাকীক সমালোচনা কৰে ৷ মন কৰিবলগীয়া যে অভিনেত্রী গৰাকীয়ে বিজেপিৰ সমর্থনত প্রায়ে টুইটাৰ যোগে নিজৰ অভিমত প্রকাশ কৰি আহিছে ৷ পদ্মশ্রী গ্রহণ কৰাৰ পাছত ভাৰতৰ স্বাধীনতা আন্দোলনক লৈ কৰা মন্তব্যই দেশজুৰি প্রতিক্রিয়াৰো সৃষ্টি কৰিছে ৷