Local, Vocal, Global

১৬টা বিধানসভা সমষ্টিত চলিব উচ্ছেদ

শীঘ্রে অসমৰ ১৬টা বিধানসভা সমষ্টিত বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলিব ৷ সমগ্র বিষয়টোৰ সৈতে অৱগত ৰাজ্যৰ এগৰাকী শীর্ষ বিষয়াই নতুন দিল্লীত সাংবাদিকৰ আগত এই কথা ব্যক্ত কৰিছে ৷ আইনী প্রক্রিয়া অনুসৰণ কৰি ডিচেম্বৰ মাহৰ পৰা চলিব এই উচ্ছেদ অভিযান ৷ ইয়াৰ পূর্বে উচ্ছেদ চলাবলগীয়া অঞ্চলসমূহৰ সহস্রাধিক সংখ্যালঘু মহিলাৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আলোচনাত মিলিত হ’ব ৷ ৰাজ্য চৰকাৰৰ শীর্য বিষয়াজনে লগতে কয় যে ডিচেম্বৰৰ প্রথম সপ্তাহত গুৱাহাটীত এই আলোচনাৰ ব্যৱস্থা কৰা হৈছে ৷

উল্লেখ্য যে দৰং জিলাৰ গৰুখুঁটিৰ শেহতীয়া উচ্ছেদ অভিযান হিংসাত্মক ৰূপ লোৱাৰ পাছত দেশজুৰি তীব্র প্রতিক্রিয়া সৃষ্টি হৈছিল ৷ পিছে অসমৰ মাটি বেদখলমুক্ত কৰাৰ বাবে ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰ সম্পূর্ণৰূপে দায়বদ্ধ বুলি বিষয়াজনে লগতে মত ব্যক্ত কৰে ৷ তেওঁ কয় যে ইতিমধ্যে ৰাজ্যৰ ১৬টা বিধানসভা সমষ্টিত থকা বেদখলকাৰী সকলক চিহ্ণিত কৰা হৈছে আৰু উচ্ছেদ অভিযানৰ ব্লুপ্রিণ্ট প্রস্তুত কৰি থকা হৈছে ৷