Local, Vocal, Global

কামৰূপ আৰক্ষীৰ বৃহৎ সাফল্য, বুজন পৰিমাণৰ আফিং সহ তিনিজনক আটক

নিউজ ডেস্ক, ২৩ মাৰ্চ : কামৰূপ আৰক্ষীয়ে ৰঙিয়া আৰক্ষীৰ সহযোগত অভিযান চলাই তিনিজন আফিং ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়। ৬ কেজি ৫৪০ গ্ৰাম নিষিদ্ধ আফিং সহ ২ লাখ ১৯ হাজাৰ নগদ টকা জব্দ কৰে আৰক্ষীয়ে। ৰঙিয়াৰ এজন ব্যৱসায়ীৰ পৰা দুজন ব্যক্তিয়ে ক্ৰয় কৰিছিল বৃহৎ পৰিমাণৰ আফিং।

আনহাতে, ৰঙিয়াৰ বালাগাঁওৰ এখন ধাবাৰ ভিতৰত ব্যক্তি দুজনে আফিং সমুহ ক্ৰয় কৰি নৈশ বাছেৰে পঞ্জাৱ অভিমুখে যাত্ৰা কৰিছিল । আফিং ক্ৰয় কৰা সম্পৰ্কে কামৰূপ আৰক্ষীয়ে এক গোপন সুত্ৰৰ পৰা অবগত হোৱাৰ লগে লগে কামৰূপ আৰক্ষীয়ে ৰঙিয়া আৰক্ষীৰ সহযোগত নৈশ বাছখনত তালাচী চলাই ।

উল্লেখযোগ্য যে, বাছখনৰ পৰা পঞ্জাৱৰ দলবিন্দৰ সিং আৰু ৰঙিয়াৰ ইজৰাইল আলী নামৰ দুজন ব্যক্তিক আটক কৰে । আৰক্ষীয়ে । ব্যক্তি দুজনৰ পৰা প্ৰায় ৪ কেজি ৫০০ গ্ৰাম আফিং জব্দ কৰিবলৈ সক্ষম হয় । ধৃত ব্যক্তি দুজনে আফিং সমুহ প্ৰদীপ চৌধাৰী নামৰ ব্যক্তি এজনৰ পৰা ক্ৰয় কৰা বুলি অবগত কৰে আৰক্ষীক। আৰক্ষীয়ে ৰঙিয়া উদিয়ানাৰ প্ৰদীপ চৌধুৰীৰ ঘৰত তালাচী চলাই চৌধুৰীক আটক কৰাৰ লগতে পুণৰ প্ৰায় ২ কেজি ৪০ গ্ৰাম আফিং জব্দ কৰে ।

উল্লেখযোগ্য যে প্ৰদীপ চৌধুৰী নামৰ ব্যক্তি জনক যোৱা বৰ্ষৰ ১২ জুন তাৰিখে বৃহৎ পৰিমানৰ ড্ৰাগছ সহ ৰঙিয়া আৰক্ষীয়ে আটক কৰিছিল। ইফালে আটক কৰা তিনিও জনকে কামৰূপ আৰক্ষীয়ে সোধপোচ অব্যহত ৰাখিছে ।