Local, Vocal, Global

গড়চুকত নিচাজাতীয় কফচিৰাফ সহ এজন সৰবৰাহকাৰীক আটক

নিউজ ডেস্ক, ২৩ মাৰ্চ : ৰাজ্যত অব্যাহত আছে নিষিদ্ধ নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ। নিশা গড়চুক আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত জব্দ কৰিছিল বুজন পৰিমাণৰ নিচাজাতীয় কফচিৰাফ সহ এজন সৰবৰাহকাৰীক।

গড়চুকত নিচাজাতীয় কফচিৰাফ সহ এজন সৰবৰাহকাৰীক আটক

উল্লেখযোগ্য যে, বৰাগাঁওৰ পৰা আগৰতলা লৈ সৰবৰাহ কৰিছিল নিচাজাতীয় সামগ্ৰীখিনি। গড়চুক আৰক্ষীয়ে নিশা অভিযান চলাই AS01NC1845 নম্বৰৰ ট্ৰাকখনত ৬৯ কাৰ্টুন নিচাজাতীয় কফচিৰাফ জব্দ কৰে । বিস্কুটৰ কাৰ্টুনত কৌশলেৰে সৰবৰাহ কৰিছিল নিচাজাতীয় সামগ্ৰীখিনি ।

আনহাতে, নিচাজাতীয় কফচিৰাফ খিনিৰ বজাৰ মূল্য প্ৰায় ১৫ লক্ষ্যাধিক টকা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। সৰবৰাহৰ লগত জড়িত চালকজনক আটক কৰিছিল গড়চুক আৰক্ষীয়ে। চালকজন গোৱালপাৰাৰ চাহাদুল ইছলাম বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে গড়চুক আৰক্ষীয়ে।