Local, Vocal, Global

তেলেংগানা টিম্বাৰ গুদামত ভয়ংকৰ অগ্নিকাণ্ড, ১১ জন নিহত

নিউজ ডেস্ক, ২৩ মাৰ্চ : বুধবাৰে পুৱতি নিশা তেলেংগানাৰ চেকেন্দ্ৰাবাদত কাঠৰ গুদামত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডৰ ফলত ১১ জন কৈ লোক মৃত্যু মুখত পৰে ।

বাতৰি অনুসৰি, অগ্নিকাণ্ডৰ সময়ত চেকেন্দ্ৰাবাদৰ ভইগুড়াৰ জনবহুল এলেকাত অৱস্থিত গুদামত প্ৰায় ১২ জন প্ৰব্ৰজনকাৰী শ্ৰমিক আৱদ্ধ হৈ পৰে। আনহাতে, দুমহলীয়া অট্টালিকাৰ প্ৰথম মহলাৰ পৰা জঁপিয়াই এজন শ্ৰমিকে প্ৰাণ ৰক্ষা ৰক্ষা কৰে আৰু এঘাৰজন শ্ৰমিকে প্ৰাণ হেৰুৱাব লগীয়া হয় এই অগ্নিকাণ্ডত ।

উল্লেখযোগ্য যে অগ্নিকাণ্ড আঁৰৰ কাৰণটো বৈদ্যুতিক শ্বৰ্ট চাৰ্কিট বুলি সন্দেহ কৰা হৈছে। বিষয়টোৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু পৰৱৰ্তী তদন্ত চলি আছে।

আনহাতে, তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে ঘটনাটোত শোক প্ৰকাশ কৰি জুইত নিহত শ্ৰমিকসকলৰ বাবে প্ৰতিজনে ৫ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে। তদুপৰি, তেওঁ মুখ্য সচিবক তেওঁলোকৰ মৃতদেহ প্ৰত্যাৱৰ্তনৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে।