Local, Vocal, Global

সুশান্তৰ মৃত্যুৰ তদন্ত কৰিব চিবিআয়ে

অৱশেষত অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰক লৈ উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিলে। ন্যায়ালয়ৰ ৰায়দান অনুসৰি সুশান্তৰ মৃত্যুৰ তদন্ত এতিয়া চিবিআয়ে কৰিব। সুশান্তৰ মৃত্যুৰ তদন্তত নাম সাঙোৰ খাই পৰা প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীৰ  বিৰুদ্ধে পাটনাত দাখিল কৰা এফ আই আৰ। আৰু এফ আই আৰ খন মুম্বাইলৈ ট্ৰান্সফাৰ কৰাৰ বাবে আবেদন  জনাইছিল অভিনেত্ৰীগৰাকীয়ে। এই আবেদন খাৰিজ কৰি ন্যায়ালয়ে এই গোচৰৰ তদন্তৰ ভাৰ চিবিআইক অৰ্পণ কৰে। উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তক লৈ ৰিভিউ পিটিচন দাখিল কৰাৰ সম্ভাৱনা আছে মহাৰাষ্ট্র চৰকাৰৰ।

উচ্চতম ন্যায়ালয়ে উল্লেখ কৰে যে নীতিশ চৰকাৰে সুশান্তৰ  মৃত্যুৰ যি চিবিআই-ৰ তদন্ত বিচাৰিছিল সেয়া সঠিক আছিল। চিবিআই-ক এতিয়া তদন্তত সম্পূৰ্ণ সহযোগ কৰিব লাগিব মহাৰাষ্ট্র চৰকাৰে। মুম্বাই আৰক্ষীয়ে এই সন্দৰ্ভত সকলো প্ৰমাণ দাখিল কৰিব লাগিব চিবিআই-ক।