Local, Vocal, Global

পিতৃ-মাতৃয়ে বোৱা গামোছা বিক্ৰী কৰি উদ্ভাৱক হোৱাৰ মন কমলপুৰৰ নীলপৱন কাকতিৰ

আৰ্থিক দৈন্যতা জয় কৰি কমলপুৰ লেজাৰ নীলপৱন কাকতিৰ সফলতা ।  দৰিদ্ৰতা সফলতাৰ মাপকাঠিৰ ক্ষেত্ৰত কেতিয়াও হেঙাৰ হ’ব নোৱাৰে৷ ইয়াকে পুনৰ প্ৰমাণ কৰি দেখুৱালে কামৰূপ জিলাৰ কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দ্বিগুনপাৰ লেজা গাঁৱৰ এগৰাকী দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰই। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত নীলপৱন কাকতি নামৰ  দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰজনে ৯৪.৮৩ শতাংশ নম্বৰ লাভ কৰি বৃহত্তৰ অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ছাত্ৰজনৰ ঘৰখনত জীৱিকা বুলি কবলৈ মাথোঁ দুখন তাঁতশাল আছে। এই তাঁতশাল দুখনত অন্যান্য কাপোৰৰ উপৰিও গামোছা উৎপাদন কৰি পৰিয়ালটো চলি আহিছিল বাবে পঢ়া-শুনাত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল মেধাবী ছাত্ৰজন। কৰ’না ভাইৰছৰ বাবে দেশত চলা লকডাউনৰ পৰিণতিত উৎপাদিত যি গামোছা আছে এই গামোছা বিক্ৰী কৰিব নোৱাৰি ভীষণ আৰ্থিক সমস্যাত ভূগিছে পৰিয়ালটো। আৰ্থিক সমস্যাৰ মাজতে ছাত্ৰজনে সফলতা অৰ্জন কৰাত আনন্দত আত্মহাৰা হৈ পৰিছে পৰিয়ালটোৰ লগতে অঞ্চলবাসী। উল্লেখযোগ্য যে এতিয়াও দৰিদ্ৰ পৰিয়ালটোৰ ঘৰত দ’মে-দ’মে পৰি আছে উৎপাদিত গামোছা। মাজে-সময়ে নীলপৱনে পিতৃ-মাতৃক বোৱা-কটা কামতো সহায় কৰি আহিছে। দেৱৰ্ষি বিদ্যালয়ৰ পৰা পৰীক্ষা দি সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নীলপৱনে সাধাৰণ গণিত আৰু উচ্চ গণিতত এশ নম্বৰ লাভ কৰাৰ লগতে আটাইকেইটা বিষয়ত লেটাৰ মাৰ্কসহ ৯৪.৮৩ শতাংশ নম্বৰেৰে ডিষ্টিংচন পাবলৈ সক্ষম হৈছে। এগৰাকী উদ্ভাৱক হোৱাৰ মন পুহি ৰখা নীলপাৱন তেওঁৰ এই লক্ষ্যত উপনীত হ’বৰ বাবে এতিয়া মাথোঁ প্ৰয়োজন আপোনাৰ-মোৰ কিঞ্চিত সহায়।

অসমীয়াত ৮৪, ইংৰাজীত ৮৯, সাধাৰণ বিজ্ঞানত ৯৮, সমাজ বিজ্ঞানত ৯৮, সাধাৰণ গণিতত ১০০ আৰু ঐচ্ছিক গণিতত ১০০ নম্বৰ লাভ কৰা ছাত্ৰজনক বিভিন্ন দল-সংগঠনে সম্বৰ্দ্ধনা জ্ঞাপন কৰিছে। কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাই মেধাবী ছাত্ৰজনক পাৰ্যমানে সহায়-সহযোগিতা কৰা হ’ব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।