Local, Vocal, Global

ৰাজ্যত কৰ’নাত মৃত্যুৰ সংখ্যা ৬ গৰাকীলৈ বৃদ্ধি

কৰ’নাত আক্ৰান্ত হৈ ৰাজ্যত মৃত্যু হ’ল আৰু এজন লোকৰ। তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পাটালত চিকিৎসাধীন হৈ আছিল লোকজন। মৃত লোক জনৰ নাম কমল কৃষ্ণ পাল। ৬৭ বছৰীয়া কমল কৃষ্ণৰ ঘৰ তেজপুৰৰ নতুনপাৰাত।
পত্নীসহ ২৯ মে’ত মুম্বাইৰ পৰা বিমানযোগে আহিছিল পাল দম্পত্তী। ২৯মে’ৰ পৰাই তেজপুৰৰ হোটেল ডিএলত কোৱাৰেন্টিনত থকা পাল দম্পত্তীৰ দেহত ৩১মে’ত কৰ’না পজিটিভ চিনাক্ত হোৱাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছিল। কমল কৃষ্ণ পাল
কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে গৈছিল মুম্বাইলৈ। সম্প্ৰতি পত্নী ভাৰতী পালো কৰ’নাত আক্ৰান্ত হৈ তেজপুৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে বুলি জনাইছে শোণিতপুৰৰ অতিৰিক্ত উপায়ুক্ত সত্যজিত চেতিয়া ।বুধবাৰে মৃত্যু ঘটা এই লোকজনকে ধৰি এই পৰ্যন্ত অসমত কৰ’নাত মৃতকৰ সংখ্যা ৬ জনলৈ বৃদ্ধি পালে।