Local, Vocal, Global

তুমিও ৰাষ্ট্ৰপতি হ’ব পাৰিবা! নাতিনীক ক’লে কমলা হেৰিছে

‘মন কৰিলে তুমিও আমেৰিকাৰ ৰাষ্ট্ৰপতি হ’ব পাৰিবা। কিন্তু এতিয়া নহয়। ৩৫ বছৰ বয়স হ’লে ৰাষ্ট্ৰপতি হোৱাৰ যোগ্য হৈ উঠিবা তুমি৷’ ১২ ছেকেণ্ডৰ এটা ভিডিঅ’ত এজনী কণমানিক কৈ আছে আমেৰিকাৰ নিৰ্বাচনৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কমলা হেৰিছে। কণমানিজনী ডেম’ক্ৰেট প্ৰাৰ্থী কমলা হেৰিছৰ নাতিনী। নিৰ্বাচনৰ সময়তে সকলোৰে চকুত পৰা এই ভিডিঅ’ত কমলাৰ কোঁচত বহি আছে কণমানিজনী। কণমানিজনীৰ প্ৰশ্ন কিদৰে ৰাষ্ট্ৰপতি হ’ব পাৰি? তেতিয়াই হেৰিছে কৈছে, ‘যেতিয়াই তোমাৰ বয়স ৩৫ বছৰ হ’ব তেতিয়াই তুমি ৰাষ্ট্ৰপতি পদৰ যোগ্য হৈ উঠিবা।’ উত্তৰত কণমানিজনীয়ে কৈছে- ‘মই এষ্ট্ৰ’নাট প্ৰেছিডেণ্ট হ’ব খোজো।’

চাওক ভিডিঅ’-

View this post on Instagram

 

This conversation went on for like an hour

A post shared by Meena Harris (@meena) on

১২ ছেকেণ্ডৰ সেই কথোপকথনৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে ভতিজী মীনা হেৰিছে। ৯০ হাজাৰৰো অধিক মানুহে লাইক-কমেণ্ট কৰিছে এই ভিডিঅ’ত। আমেৰিকাত চলি থকা নিৰ্বাচনৰ ভোট গণনাত ৰাষ্ট্ৰপতি পদৰ ডেম’ক্ৰেট প্ৰাৰ্থী জ’ বিডেন জয়ী হোৱাৰ সম্ভাৱনা প্ৰৱল। বিডেন জয়ী হোৱাৰ লগে লগে কমলা হেৰিছ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ উপৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাটো নিশ্চিত।