Local, Vocal, Global

৩০ কোটি ভাৰতীয়ক বিনামূল্যে কৰ’নাৰ প্ৰতিষেধক

দেশৰ প্ৰায় ৩০ কোটি নাগৰিকক প্ৰথম পৰ্যায়ত বিনামূলীয়াকৈ কৰ’নাৰ প্ৰতিষেধক প্ৰদানৰ লক্ষ্য স্থিৰ কৰিছে কেন্দ্ৰই। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰাথমিকভাৱে প্ৰতিষেধক লাভ কৰিবলগীয়াসকলৰ তালিকা প্ৰস্তুত কৰিছে। এইসকল লোকক কিদৰে প্ৰতিষেধক প্ৰদান কৰা হ’ব, কোনে প্ৰতিষেধক লাভ কৰিছে সেয়া নিৰূপণৰ উপায়ক লৈয়ো পৰিকল্পনা কেন্দ্ৰৰ। প্ৰতিষেধক লাভ কৰাসকলৰ পঞ্জীয়নৰ বাবে আধাৰ কাৰ্ডৰ তথ্য ব্যৱহাৰৰো আঁচনি। অৱশ্যে প্ৰতিষেধক লাভৰ বাবে আধাৰ কাৰ্ড বাধ্যতামূলক নহ’ব। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ সূত্ৰ অনুসৰি চাৰিটা গোটৰ লোকক প্ৰতিষেধক লাভৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ’ব। প্ৰথমতে চিকিৎসক-নাৰ্ছ, স্বাস্থ্যকৰ্মী, আশাকৰ্মীসহিতে এক কোটি লোকক দিয়া হ’ব প্ৰতিষেধক। স্বাস্থ্য বিজ্ঞানৰ শিক্ষাৰ্থীসকলেও পাব অগ্ৰাধিকাৰ। দ্বিতীয়তে কৰ’নাৰ যুদ্ধত প্ৰথম শাৰীত থকা পৌৰকৰ্মী, আৰক্ষী, সেনাৰ লোক মিলাই দুই কোটি লোকে পাব প্ৰতিষেধক। তৃতীয়তে ৫০ বছৰৰ অধিক বয়সৰ ২৬ কোটি লোকক প্ৰদান কৰা হ’ব বিনামূলীয়া প্ৰতিষেধক। চতুৰ্থতে ৫০ বছৰৰ অনুৰ্ধ হ’লেও যিসকল লোক কৰ’নাৰ বাবে বিপজ্জনক অসুখত আক্ৰান্ত অৰ্থাৎ যাৰ কো-মৰ্বিডিটী আছে, তেনে প্ৰায় এক কোটি লোকক প্ৰতিষেধক প্ৰদানৰ পৰিকল্পনা। সমগ্ৰ প্ৰক্ৰিয়াটো নিয়াৰিকৈ চলাই নিবৰ বাবে ৰাজ্যসমূহক টাস্ক ফ’ৰ্চ গঠনৰ পৰামৰ্শ দিছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধনে। প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়াটো বাস্তৱায়িত কৰাৰ বাবে ইলেক্ট্ৰ’নিক ভেকচিন ইণ্টেলিজেন্স নেটৱৰ্ক, চমুকৈ ইভিআইএম ব্যৱস্থা গঢ়ি তোলা হ’ব। আধাৰ কাৰ্ড বা চৰকাৰী কোনো পৰিচয় পত্ৰ দেখুৱাই প্ৰতিষেধক লাভ কৰিব পাৰিব নাগৰিকসকলে।