Local, Vocal, Global

Kamakhya Prasad Tasa files nomination in Kaziranga lok sabha constituency : কামাখ্যা প্ৰসাদ তাছাৰ মনোনয়ন পত্ৰ দাখিল;সংগ দিয়ে ৰাজ্য়িক বিজেপিৰ সভাপতি ভৱেশ কলিতা, অতুল বৰা,জয়ন্ত মল্লবৰুৱাৰ লগতে কেইবাগৰাকী নেতাই

নিউজ ডেস্ক,২৭মাৰ্চ : আজি লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন । অন্তিমটো দিনত মনোনয়ন পত্ৰ দাখিল কৰিলে বিজেপিৰ কামাখ্যা প্ৰসাদ তাছা,ৰঞ্জিত দত্ত,তপন গগৈৰ লগতে বিৰোধী কংগ্ৰেছৰ উদয় শংকৰ হাজৰিকাই(Kamakhya Prasad Tasa files nomination in Kaziranga lok sabha constituency) ।

আজি মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতত ১৫ সহস্ৰাধিক সমৰ্থক লগত লৈ মনোনয়ন দাখিল কৰিলে কাজিৰঙা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই । মনোনয়ন পত্ৰ দাখিলৰ সময়ত মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক সংগ দিয়ে ৰাজ্য়িক বিজেপিৰ সভাপতি ভৱেশ কলিতা, কেবিনেট মন্ত্ৰী তথা অগপ নেতা অতুল বৰা,মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ লগতে কেইবাগৰাকী নেতাই(Kamakhya Prasad Tasa files nomination in Kaziranga lok sabha constituency)।

ইফালে কাজিৰঙা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ মনোনয়ন পত্ৰ দাখিলৰ সৈতে সংগতি ৰাখি আয়োজন কৰা সভাত মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :Massive Fire Breaks Out at Chapar : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ড ভস্মীভূত বাসগৃহ,নগদ ধন আৰু কৃষি সামগ্ৰী