Local, Vocal, Global

বিশ্বজয়ৰ সপোন দেখিছে কলিয়াবৰৰ এজনী সাতবছৰীয়া কনমানিয়ে

টকিঅ’ অলিম্পিকত লাভলীনা বৰগোহাঁইয়ে বক্সিঙত পদক নিশ্চিত কৰি যিটো সময়ত অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে সেই সময়তে কাৰাটেৰ জৰিয়তে বিশ্বজয়ৰ সপোন দেখিছে কলিয়াবৰৰ এজনী সাতবছৰীয়া কনমানিয়ে। নাম অংচি প্ৰিয়ম আহমেদে।

ইতিমধ্যে সাত বছৰ বয়সতে টিউৱ লাইট, পট ব্ৰেকিং কৰি অংচিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। মাত্ৰ পাঁচ বছৰ বয়সৰ পৰাই প্ৰশিক্ষক বিপ্লৱ কুমাৰ শইকীয়াৰ ওচৰত কাৰাটেৰ কঠোৰ অনুশীলনত ব্যস্ত থকা অংচিয়ে ইতিমধ্যে ৰাষ্ট্ৰীয়,আন্তঃৰাষ্ট্ৰীয় পদক জয় কৰিবলৈ সক্ষম হৈছে।

২০১৩ চনৰ ১১ নবেম্বৰত জন্ম গ্ৰহণ কৰা অংচি তেজপুৰস্থিত কেন্দ্ৰীয় বিদ্যালয় চেণ্ট্ৰেল ইউনিৰ্ভাচিটিৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী। কলিয়াবৰৰ জখলাবন্ধা অসামৰিক চিকিৎসালয়ত কৰ্মৰত ৰাজীৱ আহমেদ আৰু অনামিকা ভড়ালীৰ কন্যা অংচিয়ে ক’ভিডসৃষ্ট এই পৰিৱেশৰ মাজতো দৈনিক কঠোৰ অনুশীলনত ব্যস্ত হৈ আছে।

গুৱাহাটী,মুম্বাইত খেলি সোন আৰু ব্ৰঞ্জৰ পদক বুটলিবলৈ সক্ষম হোৱা অংচিয়ে মালায়াছিয়াত হ’বলগা কাৰাটে প্ৰতিযোগিতালৈ নিজকে কঠোৰ অনুশীলনৰ জৰিয়তে প্ৰস্তুত কৰি তুলিছে। প্ৰশিক্ষক বিপ্লৱ কুমাৰ শইকীয়াৰ লগতে পৰিয়ালৰো আশা এদিন কাৰাটেৰ জৰিয়তেই উজ্বলি উঠিব কনমানিজনী।