Local, Vocal, Global

৩০ বছৰীয়া বিবাহিতা মহিলাৰ ঘৰত ১১ বছৰীয়া চেমনীয়া প্ৰবেশ

বাঘবৰৰ ভাতনাপাইতিত প্ৰচণ্ড মাৰপিট । বাঘবৰ সমষ্টিৰ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাতনাপাইতিত নিশা দুই পক্ষৰ মাজত সংগটিত হয় প্ৰচণ্ড মাৰপিট।

৩/৪ দিন পূৰ্বে এগৰাকী প্ৰায় ৩০ বছৰীয়া বিবাহিতা মহিলাৰ ঘৰত এগৰাকী ১১ বছৰীয়া চেমনীয়া প্ৰবেশক কেন্দ্ৰ কৰি এই মাৰপিটৰ সূত্ৰপাত ।

উক্ত ঘটনাৰ পাছতেই সমাজৰ একাংশ বৰমূৰীয়াই  সামজিক ভাৱে বহি বিষয়টো মীমাংসা কৰে যদিও মহিলা গৰাকীৰ পৰিয়ালে তাত সন্তুষ্ট নহৈ পিছৰ দিনটোত পুনৰ ন্যায্য বিচাৰৰ দাবী উত্থাপন কৰে ।

তাকে ল’ই যোৱাকালি সন্ধিয়া পুনৰ সমাজৰ একাংশই উভয় পক্ষক মীমাংসাৰ বাবে আহ্বান জনায়

পিছে মীমাংসাৰ আশাৰে ৰাইজৰ মাজলৈ গৈ থাকোতেই পূৰ্বৰে পৰা খাপ পিটি থকা মহিলা পক্ষই চেমনীয়া গৰাকীৰ লোকক  উপূৰ্যুপৰি আক্ৰমণ কৰে ।

ফলত উভয় পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট হয় আৰু এই মাৰপিটত  দুয়ো পক্ষৰে কেইবাজনো লোক আহত  হয়..

উভয় পক্ষৰ আহত সকলক আলোপতি চৰ আৰক্ষী থানাৰ সহযোগত আলোপতিচৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰাথমিক চিকিৎসাৰ অন্তত সংকটজনক অৱস্থাত কেবাজনকো বৰপেটা FAAMCH লৈ প্ৰেৰণ কৰে ।