Local, Vocal, Global

কলিয়াবৰত এখন দলঙে জ্বলা কলা খুৱাইছে সাধাৰণ ৰাইজক

কলিয়াবৰত এখন দলঙে জ্বলা কলা খুৱাইছে সাধাৰণ ৰাইজক। মিলন নগৰ আৰু উলুৱণী গড়কপ্তানি পথ সংযোগী বাহৰ দলং খনেৰে যাতায়ত কৰিবলৈ অসুবিধাৰ সন্মুখীন হৈছে জনসাধাৰণ। উল্লেখযোগ্য ২০০০ চনত অসম গণ পৰিষদ দলৰ প্ৰাক্তণ উদ্যোগমন্ত্ৰী গুণীন হাজৰিকাই আধাৰশিলা স্থাপন কৰি নিৰ্মাণ কৰিছিল এখন ফুট ব্ৰীজ। কিন্তু ২০১৭ চনত হাতীমূৰাৰ মথাউৰি ভাঙি সোমাই অহা প্ৰলয়ংকাৰী বানে ফুট ব্ৰীজখন উটুৱাই লৈ যায়। ইয়াৰ পিছতে মন্ত্ৰী কেশৱ মহন্তই এখন বাহৰ দলং নিৰ্মাণ কৰি দিয়ে যদিও বৰ্তমান দলংখনৰ অৱস্থা তেনেই তথৈবচ। দলংখনৰ বাবেই বৰ্তমান দুৰ্ঘটনাত পতিত হৈছে কেইবাজনো লোক।