Local, Vocal, Global

কাজিৰঙাৰ ৰাষ্ট্ৰীয় ঘাইপথত টাইম কাৰ্ড ব্যৱস্থা প্ৰৱৰ্তন

  • কাজিৰঙাৰ দক্ষিণ সীমাত ৰাষ্ট্ৰীয় ঘাইপথত টাইম কাৰ্ড ব্যৱস্থা প্ৰৱৰ্তন

  • ঘাইপথেদি পাৰ হোৱা সকলো গাড়ীৰ বাবে এই ব্যৱস্থা

  • শনিবাৰৰ সন্ধিয়াৰ পৰা টাইম কাৰ্ড ব্যৱস্থা প্ৰৱৰ্তন

  • টাইম কাৰ্ড লৈ কোনো গাড়ী ৪০ কিমি.ৰ অধিক বেগত যাব নোৱাৰিব

  • কাজিৰঙা প্লাৱিত বাবে বন্যাজন্তু ৰাস্তা পাৰ হৈ সোমাইছেগৈ কাৰ্বি পাহাৰত

শনিবাৰে সন্ধিয়াৰ পৰা কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত টাইম কাৰ্ড প্ৰৱৰ্তন কৰে বন বিভাগে ৷ ৰাষ্ট্ৰীয় পথত যানবাহনৰ গতি নিয়ন্ত্ৰণৰ বাবে বন বিভাগে শনিবাৰে সন্ধিয়াৰ পৰা প্ৰৱৰ্তন কৰিছে টাইম কাৰ্ড ৷ ইতিমধ্যে প্ৰশাসনে ৰাষ্ট্ৰীয় পথটোত যানবাহনৰ গতিবেগ ঘন্টাত ৪০ কিলোমিটাৰ নিৰ্ধাৰণ কৰি ১৪৪ ধাৰা জাৰি কৰিছে ৷ প্ৰশাসনৰ নিৰ্দেশনাক অমান্য কৰা চালক সকলক বাধ্যবাধকতাৰ মাজলৈ আনিবলৈ বনবিভাগে টাইম কাৰ্ড প্ৰৱৰ্তন কৰি যানবাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে প্ৰৱৰ্তন কৰে টাইম কাৰ্ড ৷ বানৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰি কাৰ্বি পাহাৰলৈ গতি কৰা বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে কহঁৰাৰ সমীপৰ হালধিবাৰীৰ পৰা বুঢ়াপাহাৰৰ সমীপৰ আমগুৰিলৈকে টাইম কাৰ্ড প্ৰৱৰ্তন কৰি ২৮ কিলোমিটাৰ পথ ৪২ মিনিটতকৈ আগত অতিক্ৰম কৰাত বাধা আৰোপ কৰিছে বনবিভাগে ৷ আনহাতে আইন অমান্য কৰা চালক সকলক আইন মতে জৰিমনা বিহা হ’ব বুলি প্ৰকাশ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷