Local, Vocal, Global

একাংশ দুস্কৃতিকাৰীৰ দৃষ্টি এতিয়া অসহায় হৰিণাৰ ওপৰত

কাজিৰঙাৰ বান দুৰ্যোগৰ মাজত একাংশ দুস্কৃতিকাৰীৰ লোলুপ দৃষ্টি অসহায় হৰিণাৰ  ওপৰত ৷ অসহায় হৰিণা নিধন কৰি উদৰ পুৰাবলৈ চেষ্টা একাংশ লোকৰ ৷ এনে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে চলিছে আৰক্ষী আৰু বন বিভাগৰ অভিযান ৷ অভিযানৰ সময়ত বোকাখাতৰ বালিজানৰ ৮ নম্বৰ ৱাৰ্ডত উদ্ধাৰ হ’ল দুস্কৃতিকাৰীৰ হাতত নিধন হোৱা এটা ছাগলী পহু ৷ অভিযানকাৰী দলে স্নীফাৰ ডগ লিয়নৰ সহায়ত চিনাক্ত কৰিবলৈ সক্ষম হয় দুস্কৃতিকাৰীৰ ঘৰ ৷ অৱশ্যে অভিযানৰ সময়ত পলায়ন কৰে দুস্কৃতিকাৰী ৷ বন বিভাগে চিনাক্ত কৰা ঘৰ দুটাৰ নিবাসীৰ ওপৰত বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।