Local, Vocal, Global

ফুটবল খেলিবলৈ ৰোণাল্ড’ৰ দেশলৈ যাব অসম সন্তান

নিউজ ডেক্স , ৭ জুলাই : অসমৰ বাবে অতি ভাল খবৰ৷ বৰপেটাৰ কুমল্লীপাৰা গাঁৱৰ ছাইদুল্লা হকৰ পুত্ৰ মেহবুবে নাগপুৰত অসমক প্ৰতিনিধিত্ব কৰি অংশ লোৱা ফুটবল খেলৰ জৰিয়তে দেশৰ হৈ খেলাৰ যোগ্যতা অৰ্জন কৰে৷

পৰ্টুগালত অনুষ্ঠিত হ’বলগা  ১৭ বছৰ অনূৰ্ধ্ব মাডজাৰ বীচ্ছ ছ’কাৰ আন্তঃৰাষ্ট্ৰীয় যুৱ কাপ ২০২২ ফুটবল প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে মেহবুব । সমগ্ৰ অসমৰ ফুটবল ক্ষেত্ৰৰ বাবে গৌৰৱৰ বতৰা কঢ়িয়াই আনে মেহবুব হকে।

উল্লেখযোগ্য যে অহা ১৪ জুলাইৰ পৰা ১৮ জুলাইলৈকে ফিফা বিশ্ব কাপ ফুটবলৰ বিখ্যাত ফুটবলাৰ ক্ৰিষ্টিয়ান’ ৰোণাল্ড’ৰ দেশ পৰ্টুগালৰ ফিগুৰীয়া ডা-ফিজ বীচ্ছ স্প’ৰ্টছ কমপ্লেক্স’ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যুৱ কাপ ফুটবল প্ৰতিযোগিতাখনত ভাৰতৰ ডিয়াছ ইউনাইটেড স্প’ৰ্টছ ক্লাবৰ হৈ গলৰক্ষক হিচাপে খেলত অংশগ্ৰহণ কৰিব অসম সন্তান মেহবুবে। অহা ৯ জুলাইত মুম্বাইলৈ যাত্ৰা কৰিব আৰু তাৰ পৰা পৰ্টুগাল অভিমুখে দলৰ সৈতে উৰা মাৰিব খেলুৱৈগৰাকী।