Local, Vocal, Global

কৰ’না মহাসংকটৰ সময়তো ৰাজ্যবাসীলৈ এক সুখবৰ

কৰ’না মহাসংকটৰ সময়তো ৰাজ্যবাসীলৈ সুখবৰ কঢ়িয়াই আনিছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ে। NATIONAL FACULTY DEVELOPMENT PROGRAMৰ অন্তৰ্গত CISP TRAININGত দেশৰ ভিতৰতে শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ে। ২০১৯ চনতে চিকিৎসা মহাবিদ্যালয়খনক REGIONAL CENTER FOR MEDICAL EDUCATION TECHNOLOGIES প্ৰশিক্ষণ প্ৰদানৰ বাবে সমগ্ৰ পূৱ ভাৰততে স্বীকৃতি দিছিল MCI য়ে। তেতিয়াৰে পৰা মেডিকেল কাউঞ্চিল অৱ ইণ্ডিয়াৰ অধীনত থকা উত্তৰ পূৱ ভাৰতৰ ২৮খন চিকিৎসা মহাবিদ্যালয়ত CISPৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছিল। ২০১৯ বৰ্ষৰ সমীক্ষা অনুসৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়ে ৩২ টাকৈ CISP প্ৰশিক্ষণ অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছে। আনহাতে চিকিৎসা মহাবিদ্যালয়খনে যি দেশৰ ভিতৰতে সৰ্বাধিক ৬৯২ গৰাকী ফেকাল্টিক প্ৰশিক্ষণ দিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে চিকিৎসা মহাবিদ্যালয়খনৰ এটা ১০ জনীয়া দলে দিছিল এই প্ৰশিক্ষণ। এনেধৰণৰ প্ৰায় ১২ টা ৰিজ’নেল চেন্টাৰ সমগ্ৰ ভাৰতবৰ্ষত আছে।