Local, Vocal, Global

অসমীয়া চলচ্চিত্ৰৰ বাবে ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি ঘোষণা

অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ উত্তৰণৰ বাবে ৰাজ্য চৰকাৰৰ অভিলাষী পদক্ষেপ। পুৰণি ছবিগৃহ নিৰ্মাণ আৰু নতুন ছবিগৃহ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ ৰাজসাহাৰ্য প্ৰদান। বুধবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুৰণি ছবিগৃহ নিৰ্মাণ আৰু নতুন ছবিগৃহ নিৰ্মাণৰ ৰাজসাহাৰ্য প্ৰদান কাৰ্যসূচীত অংশগ্ৰহ কৰাৰ লগতে ১০ গৰাকী উদ্যমী লোকক ৰাজসাহাৰ্য প্ৰদান কৰে।

অনুষ্ঠানত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী সোণোৱালে মন্তব্য কৰে যে, অসমৰ সাংস্কৃতিক ক্ষেত্ৰক আগুৱাই নিয়াৰ বাবে ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। লগতে ঐতিহ্যমণ্ডিত অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৰ উত্তৰণৰ লগতে চৰকাৰৰ সাংস্কৃতিক আঁচনিসমূহৰ সন্দৰ্ভত সজাগতা গঢ়ি তোলাৰ বাবে শিল্পী সমাজক আহ্বান জনাই।