Local, Vocal, Global

Imran Khan arrested: পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক গ্ৰেপ্তাৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, ৯ মে’: মঙলবাৰে ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ বাহিৰত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক গ্ৰেপ্তাৰ কৰি কোনো অজ্ঞাত স্থানলৈ স্থানান্তৰিত কৰা হয় (Former PM Imran Khan Arrested)।

দুৰ্নীতিৰ গোচৰৰ শুনানিৰ বাবে ইছলামাবাদ উচ্চ ন্যায়ালয়লৈ অহাৰ সময়তে খানক দেশখনৰ অৰ্ধসামৰিক ৰেঞ্জাৰৰ এটা দলে গ্ৰেপ্তাৰ কৰে বুলি তেওঁৰ দলৰ তৰফৰ পৰা প্ৰকাশ কৰিছে । লাহোৰৰ পৰা ফেডাৰেল ৰাজধানী ইছলামাবাদলৈ যোৱা পাকিস্তান তেহৰিক-ই-ইনছাফৰ অধ্যক্ষগৰাকীক দুৰ্নীতি বিৰোধী অভিযোগত আদালতত হাজিৰ হোৱাৰ সময়তে ৰেঞ্জাৰসকলে জিম্মাত লোৱা বুলি তেওঁৰ পিটিআইৰ অধিবক্তা ফৈছাল চৌধুৰীয়ে জানিবলৈ দিছে ।

ইতিমধ্যে তেওঁৰ দলে প্ৰাক্তন ক্ৰিকেটাৰৰ পৰা এগৰাকী ৰাজনীতিবিদলৈ পৰিণত হোৱা ৭০ বছৰীয়া নেতাজনক গ্ৰেপ্তাৰ কৰাটো নিশ্চিত কৰিছে । ‘আজি ইছলামাবাদ উচ্চ ন্যায়ালয়ত উপস্থিত থকাৰ সময়তে খানক আল-কাদীৰ ট্ৰাষ্টৰ এটা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে।’- তেওঁৰ দলৰ পৰা প্ৰকাশ পোৱা এক চমু বিবৃতিত এই কথা উল্লেখ কৰা হয় । মন কৰিবলগীয়া যে, খানে পাকিস্তানৰ সেনাৰ এজন জ্যেষ্ঠ বিষয়াৰ বিৰুদ্ধে এক ভিত্তিহীন অভিযোগ উত্থাপন কৰাৰ এদিন পিছতে খানক গ্ৰেপ্তাৰ কৰা হৈছে।

ইফালে গ্ৰেপ্তাৰৰ পাছত খানক মাৰপিট কৰাকে ধৰি অত্যাচাৰ চলোৱা বুলি পিটিআইয়ে অভিযোগ উত্থাপন কৰিছে যদিও সেয়া বৰ্তমানেও নিশ্চিত নহয়। পিটিআইৰ প্ৰাক্তন মন্ত্ৰী শ্বিৰিন মাজাৰীয়ে এক টুইটৰ জৰিয়তে কয় যে, “State terrorism – breaking into IHC premises to abduct Imran Khan from court premises. Law of the jungle in operation. Rangers beat the lawyers, used violence on Imran Khan and abducted him” ।