Local, Vocal, Global

Jorhat news : ২৪ ঘণ্টা উকলি যোৱাৰ পিছটো অব্যাহত চুতীয়া জাতি যুৱ সন্মিলনৰ আমৰণ অনশন কাৰ্যসূচী

যোৰহাট,৯জানুৱাৰী : ২৪ ঘণ্টা উকলি যোৱাৰ পিছটো অব্যাহত চুতীয়া জাতি যুৱ সন্মিলনৰ আমৰণ অনশন কাৰ্যসূচী। বিগত কেইবাঘণ্টা ধৰি চলা আমৰণ অনশন কাৰ্যসূচীৰ ফলত স্বাস্থ্য অৱনতি ঘটিছে কেবাজনো প্ৰতিবাদকাৰীৰ।

জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত কেইবাটাও দাবীৰে চুতীয়া জাতি যুৱ সন্মিলনৰ আমৰণ অনশন কাৰ্যসূচী ২৪ ঘণ্টা সময় উকলি যোৱাত স্বাস্থ্য অৱনতি ঘটিছে কেবাজনো প্ৰতিবাদকাৰীৰ।

গুৰুতৰ প্ৰদান কৰা নাই যোৰহাট জিলা প্ৰসাশনে(Jorhat news)।

উল্লেখ্য যে, চুতীয়া জাতি যুৱ সন্মিলনে বুধবাৰৰ পৰা জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ লগতে ব্ৰহ্মপুত্ৰৰ উপৰত নিৰ্মীয়মান যোৰহাট মাজুলী সংযোগী দলং চুতীয়া ৰাজ্যৰ শেষ গৰাকী ৰাণী “বীৰাঙ্গনা সাধনী” নামেৰে নামাকৰণ কৰাৰ মুখ্য দাবীৰ উপৰিও মুঠ বাৰটা দাবীৰে প্ৰতিবাদত বহিছে । দাবী মানি নললে ২৬ ত বিজেপি বিৰোধী স্থিতি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি উল্লেখ প্ৰতিবাদ কাৰীৰ।

লগতে পঢ়ক :Road construction works at Kokila : কীৰ্ত্তনপাৰা – ডাঙাইগাওঁ সংযোগী পকী পথৰ কামৰ শুভাৰম্ভ